Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
Mushroom Benefits: বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা

Mushroom Benefits: বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা

ডিজিটেল ডেস্ক : কাঠফুলা, আমাৰ বহুতেই কাঠফুলাক কেৱল বিষাক্ত বুলিয়েই গণ্য কৰি আহিছো। যাৰ বাবে আমি কাঠফুলা খোৱাৰ পৰা নিজকে আতৰাই ৰাখো। কিন্তু এই ধাৰণা একেবাৰেই অৰ্থহীন। কিয়নো আপুনি ভৱাৰ দৰে সকলো কাঠফুলা বিষাক্ত নহয়। খাদ্য উপযোগী কাঠফুলাবোৰ প্ৰকৃততে উচ্চ পুষ্টি গুণসম্পন্ন। প্ৰাকৃতিকভাৱে পোৱা কিছুমান প্ৰজাতিৰ কাঠফুলাহে বিষাক্ত। খাদ্য উপযোগী কিছুমান প্ৰজাতিৰ কাঠফুলা বিষাক্ত কাঠফুলাৰ সৈতে দেখাত একে হোৱাৰ বাবে বহুতে ভুল কৰি বিষাক্ত কাঠফুলাকে ভক্ষণ কৰাৰ ফলত বহু লোকৰ মৃত্যু ঘটে।

কিন্তু এতিয়া খাদ্য উপযোগী প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰি মানুহে বিজ্ঞানসন্মতভাৱে যথেষ্ট পৰিমাণে উৎপাদন কৰে। এই কাঠফুলা মানুহে খাব পৰাকৈ সম্পূৰ্ণ নিৰাপদ বুলিও প্ৰমাণিত হৈছে।আজি কাঠফুলাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ভিটামিন ডিৰ উৎকৃষ্ট উৎস

কাঠফুলা হৈছে ভিটামিন ডি-ৰ অন্যতম উৎস। কাঠফুলা অতিবেঙুনীয়া (ইউভি) ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ভিটামিন ডি শোষণ কৰি লয়। তথ্য মতে, ১০০ গ্ৰাম কাঠফুলাত ১০ এমচিজিলৈকে ভিটামিন ডি ২ ৰ স্তৰ থাকে।

বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

কাঠফুলাত সক্ৰিয় পলিচেকাৰাইড থাকে। যাৰ ভিতৰত এটা হৈছে এক প্ৰকাৰৰ দ্ৰৱণীয় আঁহ যাক বিটা-গ্লুকেন বুলি কোৱা হয়। এই যৌগটোৱে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী সক্ৰিয় কৰে। কাঠফুলাত চেলেনিয়াম নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্টো থাকে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থিৰ কৰাৰ লগতে কোষ আৰু কোষকলাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।

নিউৰোডিজেনাৰেটিভ স্থিতিৰ বাবে লাভজনক

কিছুমান প্ৰকাৰৰ কাঠফুলাক 'ঔষধি' বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে সেইবোৰৰ নিৰ্দিষ্ট আৰোগ্যকাৰী গুণাগুণ আছে। ঔষধি কাঠফুলা নিউৰোডিজেনাৰেটিভ ৰোগৰ চিকিৎসা তথা আলঝেইমাৰৰ বাবে যথেষ্ট উপকাৰী।

সুস্থিৰ কৰে হৃদযন্ত্ৰৰ স্বাস্থ্য

কাঠফুলাত থেৰাপিউটিক গুণ আছে, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।ই ৰক্তনলীৰ বেৰত লাগি থকা আৰু প্লেক জমা হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰক সুৰক্ষিত হৈ থাকে।

স্বাস্থ্যৱান কৰেঅন্ত্ৰ

বিটা গ্লুকেনকে ধৰি কাঠফুলাৰ যৌগবোৰে প্ৰাকজৈৱিক হিচাপে কাম কৰে।ইয়াৰ ফলত অন্ত্ৰৰ উপকাৰী বেক্টেৰিয়াৰ লগতে অন্ত্ৰৰ অনুকূল পৰিৱেশ বৃদ্ধি হয়। স্বাস্থ্যকৰ অন্ত্ৰে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰতিৰক্ষা শক্তিশালী কৰে।আমাৰ খাদ্য হজম কৰা তথা স্নায়ু আৰু হৰমনৰ জৰিয়তে মগজুৰ সৈতে যোগাযোগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Also Read: Garlic Health Benefits: কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয়, আৰু বহু কাৰণত অতি উপযোগী নহৰু

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin