Dailyhunt
দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ ৫টা সহজ উপায়

দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ ৫টা সহজ উপায়

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত নৱৰাত্ৰিৰ গুৰুত্ব অতি বিশেষ। নৱৰাত্ৰিত ভক্তসকলে সমাজৰ দুখ-দুৰ্গতি দূৰ কৰাৰ বাবে দেৱী দুৰ্গাক প্ৰাৰ্থনা কৰে। মা দুৰ্গাক সন্তুষ্ট কৰিবৰ বাবে বহু ভক্তই নৱৰাত্ৰিত উপাবাসেও থাকে। কিন্ত একাংশ ভক্তই মন থকাৰ পাছতো বিভিন্ন অসুবিধাৰ বাবে উপাবাসে থাকি মা দুৰ্গাক উপাসনা কৰিব নোৱাৰে। সেইসকল লোকে কেইটামান বিশেষ উপায়ৰে দেৱী দুৰ্গাক পূজা কৰি উপবাসৰ সুফল লাভ কৰিব পাৰে।

উপবাসৰ সলনি কৰিব পাৰে এই কাম ?

নৱৰাত্ৰিৰ সপ্তম, অষ্টম আৰু নৱম দিনকেইটাক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। এইকেইটা দিনত দেৱী দুৰ্গাক ৰঙা ফুল আগবঢ়াই পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা দেৱীৰ আশীৰ্বাদত আপোনাৰ সকলো কামনা পূৰণ হ'ব।

১) নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পান আগবঢ়াব। নৱৰাত্ৰিৰ ৯ দিনৰ প্ৰত্যেক দিনাই দেৱীক বেলেগ বেলেগ প্ৰসাদ আগবঢ়োৱা হয়। এইদিনকেইটাৰ যিকোনো এদিন দেৱীক পান আগবঢ়ালে আপোনাৰ কামত থকা বাধাবোৰ দূৰ হ’ব।

২) হিন্দু ধৰ্মত দান-বৰঙণিৰ গুৰুত্ব উপবাসৰ দৰেই। শাৰদীয় নৱৰাত্ৰিৰ সময়তো আপুনি দান-বৰঙণি দি দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। নৱৰাত্ৰিৰ সময়ত মন্দিৰৰ ঘণ্টা, কাপোৰ, খাদ্য, ৰঙা ৰঙৰ যিকোনো সামগ্ৰী, ফলমূল, মিঠাই দান কৰাটো শুভ বুলি গণ্য কৰা হয়।

৩) দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ নৱৰাত্ৰিৰ অন্তিম দিনত পূজাৰ সময়ত বা সপ্তমী, অষ্টমী আৰু নৱমীৰ পূজাৰ সময়ত এই মন্ত্ৰ জপ কৰক। মন্ত্ৰটো হ’ল-

ওম হ্ৰীম দুন দুৰ্গায়ী নমঃ অথবা

সৰ্ব মংগল মংগল্যে শিৱে সৰ্বৰ্থ সাধিকে, শৰণ্য ত্ৰয়ম্বকে গৌৰী নাৰায়ণী নমোষ্টুতে

যদি আপুনি মন্ত্ৰ জপ কৰিব নোৱাৰে তেন্তে মা দুৰ্গাৰ নাম মনত ৰখাটোও আপোনাৰ বাবে ফলপ্ৰসূ হ’ব।

৪) নৱৰাত্ৰিৰ সময়ত ৰঙা ৰঙৰ উলৰ আসনত বহি পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ইতিবাচকতা অহাৰ লগতে মানসিক শক্তিৰ সঞ্চাৰণ হয়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin