Dailyhunt
দিন বেয়া চলিছে ৰণবীৰ আল্লাহবাদিয়াৰ !

দিন বেয়া চলিছে ৰণবীৰ আল্লাহবাদিয়াৰ !

ডিজিটেল ডেস্ক: সঁচাকৈয়ে দিন খুব বেয়া চলিছে জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ আল্লাহবাদিয়াৰ। 'ইণ্ডিয়াজ গট লেটেণ্ট' নামৰ অনুষ্ঠানটোত বিতৰ্কিত মন্তব্য কৰি সম্প্ৰতি চৰকাৰী পক্ষৰ লগতে অগণন লোকৰ ৰোষত পৰিছে ৰণবীৰ। বহু ঠাইত ইউটিউবাৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। এই সমস্যাৰ মাজতেই যেন ৰণবীৰৰ ব্যক্তিগত জীৱনলৈও ধুমুহা নামিছে। হয়, এই বিৰ্তকৰ মাজত সোমোৱাৰ পাছত প্ৰেয়সীয়েও ইউটিউবাৰজনৰ সৈতে সম্পৰ্ক শেষ কৰিলে।

আচৰিত কথাটো এয়ে যে কেইদিমান পূৰ্বেহে ৰণবীৰ আৰু তেওঁৰ প্ৰেয়সীৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছিল। তেওঁলোক দুয়োয়ে কটোৱা অতি ঘনিষ্ঠ সময়ৰ ফটো ৰণবীৰে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰিছিল। অৱশ্যে তেওঁ প্ৰেয়সীৰ নাম তথা তেওঁৰ মুখখন ৰাজহুৱা কৰা নাছিল।

ৰণবীৰে স্পষ্ট নকৰিলেও তেওঁৰ প্ৰেয়সী কোন, সেয়া অৱশ্যে সকলোয়ে জানিব পাৰিছে। ইউটিউবাৰজনৰ প্ৰেয়সী হৈছে অভিনেত্ৰী নিকি শৰ্মা। নিকি আৰু ৰণবীৰে শেহতীয়াকৈ ইজনে-সিজনক ইনষ্টাগ্ৰামত 'আনফ'ল' কৰিছে। তদুপৰি, নিকিয়ে ইনষ্টাগ্ৰামত এটা বিশেষ প'ষ্টও শ্বেয়াৰ কৰিছে, য'ত তেওঁ লেখিছে, 'সঠিক মানুয়েহে আপোনাক যোগ্য আৰু মূল্যৱান অনুভৱ কৰায়।'

এই প'ষ্টটোৰ পৰা অনুৰাগীসকলে ৰণবীৰ আৰু নিকিৰ মাজত যে সম্পৰ্ক শেষ হৈছে, সেয়া নিশ্চিত কৰিছে।

Also Read: আপুনিও যদি এই ৰাশিৰ, তেন্তে লাভ কৰিব মহাদেৱৰ বিশেষ আৰ্শীবাদ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin