Dailyhunt
এই মন্দিৰত ভগৱানৰ দৰে পূজা কৰা হয় জাতিৰ পিতাক

এই মন্দিৰত ভগৱানৰ দৰে পূজা কৰা হয় জাতিৰ পিতাক

ডিজিটেল ডেস্ক: মহাত্মা গান্ধী স্বাধীনতা আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল। তেওঁ আমাৰ দেশখনক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰাইছিল। সেয়েহে প্ৰতিগৰাকী ভাৰতীয়ই তেওঁক স্মৰণ কৰি তেওঁৰ জন্মদিন অৰ্থাৎ ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে উলহ মালহৰে বিশেষভাৱে পালন কৰে। কিন্তু ভাৰততো এনে এখন ঠাই আছে য'ত মহাত্মা গান্ধীক দেৱতাৰ দৰে উপাসনা কৰা হয়।

ক'ত আছে এই বিশেষ মন্দিৰ ?

জাতিৰ পিতা মহাত্মা গান্ধীৰ এই মন্দিৰটো মাংগালুৰুৰ শ্ৰী ব্ৰহ্মবৈদাৰ্কলাৰ গাৰোদীত নিৰ্মাণ কৰা হৈছে। ইয়াত বাপুৰ অনুগামীসকলে তেওঁক দিনত তিনিবাৰকৈ সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰে। এই মন্দিৰত মহাত্মা গান্ধীক পুৱা ৬ বজাত, দুপৰীয়া ১২ বজাত আৰু সন্ধিয়া ৭.৩০ বজাত উপাসনা কৰা হয় আৰু প্ৰতিদিনে তেওঁৰ মূৰ্তিৰ ওচৰত চাকিও জ্বলোৱা হয়।

আনহাতে, গান্ধী জয়ন্তীত বিশেষ পূজাও অনুষ্ঠিত কৰা হয়।

১৯৪৮ চনত গাৰোদীত নিৰ্মিত এই মন্দিৰত প্ৰথমে মহাত্মা গান্ধীৰ এটা মাটিৰ মূৰ্তি স্থাপন কৰা হৈছিল। ইয়াৰ পিছত ২০০৬ চনত তেওঁৰ মূৰ্তিটো মাৰ্বলৰে নিৰ্মাণ কৰা হয়। মহাত্মা গান্ধীৰ অনুগামীসকলে এই মন্দিৰলৈ আহে আৰু তেওঁৰ দ্বাৰা শিকোৱা সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি লয়। গান্ধী জয়ন্তীত এই মন্দিৰটোত বিশেষ পূজা অনুষ্ঠিত কৰা হয়।এই পূজাত গান্ধীজীক ফল, মিঠাই আৰু ক'লা কফি প্ৰদান কৰা হয়। ভোগৰ পিছত এই প্ৰসাদ মন্দিৰত উপস্থিত সকলোৰে মাজত বিতৰণ কৰা হয়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin