Dailyhunt
এইসকল লোকে ভুলতো নাখাব গাখীৰ

এইসকল লোকে ভুলতো নাখাব গাখীৰ

ডিজিটেল ডেস্ক: গাখীৰৰ উপকাৰিতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। সৰু-বৰ সকলোৰে বাবেই গাখীৰ খুব উপকাৰী বুলি বিবেচনা কৰা হয়। গাখীৰ কেলচিয়াম, প্ৰ'টিন আৰু ভিটামিনৰ উৎকৃষ্ট উৎস। কিন্তু আপুনি জানি আচৰিত হ'ব যে গাখীৰ সকলোৰে বাবে উপকাৰী নহয়। হয়, সকলোয়ে স্বাস্থ্যৰ বাবে খুব উপকাৰী বুলি গণ্য কৰা গাখীৰে কিছুমান লোকৰ শৰীৰত উপকাৰৰ সলনি অপকাৰহে কৰে।

গাখীৰ খোৱাৰ ফলত শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ হয়। গাখীৰে শিশুৰ সঠিক শাৰীৰিক বিকাশত সহায় কৰে।গাখীৰ খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে, যিয়ে ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। গাখীৰত থকা ট্ৰিপ্টোফেনে চাপ হ্ৰাস কৰাত সহায় কৰে। আনহাতে, দাঁত আৰু হাড় শক্তিশালী কৰাৰ বাবে গাখীৰত থকা কেলচিয়াম আৰু ফছফৰাছ অত্যাৱশ্যকীয়।

গাখীৰৰ পাৰ্শ্বক্ৰিয়া

যদিও গাখীৰৰ বহুতো লাভালাভ আছে, ইয়াৰ কিছু অসুবিধাও আছে। সেইসমূহ হৈছে-

১. কিছুমান লোকৰ গাখীৰৰ প্ৰতি এলাৰ্জি থাকে, যাৰ ফলত ছালৰ দাগ বা অন্যান্য সমস্যা হ'ব পাৰে।

২.গাখীৰত লেক্টোজ থাকে, যাক কিছুমান লোকে হজম কৰিব নোৱাৰে, যাৰ ফলত গেছ, পেট ফুলা আদিৰ দৰে সমস্যা হ'ব পাৰে।

৩. গাখীৰত যথেষ্ট কেলৰি থাকে, যাৰ ফলত অধিক গাখীৰ গ্ৰহণ কৰিলে ওজন বৃদ্ধি হ'ব পাৰে।

৪. স্বাস্থ্য বিশেষজ্ঞই বৃক্ক আৰু কৰ্কট ৰোগীক গাখীৰ খোৱা পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে, কিয়নো গাখীৰত থকা উপাদানে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

৫. লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলক গাখীৰ বা দুগ্ধজাত সামগ্ৰী খোৱা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। লেক্টোজ অসহিষ্ণুতা হৈছে এনে এক স্থিতি, য'ত শৰীৰে গাখীৰত থকা লেক্টোজ হজম কৰিব নোৱাৰে।

এইসকলে ভুলতো গাখীৰ নাখাব

যদি আপোনাৰ লেক্টোজ অসহিষ্ণুতা আছে, গাখীৰ খোৱাটো আপোনাৰ বাবে খুব ক্ষতিকাৰক। যদি আপোনাৰ গাখীৰৰ প্ৰতি এলাৰ্জি আছে, তেন্তে আপুনিও গাখীৰ খোৱা পৰিহাৰ কৰিব। বৃক্ক সম্পৰ্কীয় সমস্যা থকা লোকসকলে গাখীৰ তথা দুগ্ধজাত সামগ্ৰী গ্ৰহণ সীমিত কৰিব লাগে। আনহাতে, কিছুমান কৰ্কট ৰোগীৰ বাবেও গাখীৰ ক্ষতিকাৰক। সেয়েহে এনে ৰোগীয়া চিকিৎসকৰ পৰামৰ্শ লৈহে গাখীৰ খাব। যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে, তেতিয়াও গাখীৰ খোৱা সীমিত কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin