Dailyhunt
গাঠিৰ বিষৰ কথা এতিয়া পাহৰি যাাওঁক

গাঠিৰ বিষৰ কথা এতিয়া পাহৰি যাাওঁক

ডিজিটেল ডেস্ক: ইউৰিক এচিড হৈছে তেজত পোৱা এক লেতেৰা পদাৰ্থ, যি শৰীৰে পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থবোৰ ভাঙি পেলোৱাৰ ফলত উৎপন্ন হয়। পিউৰিনসমৃদ্ধ খাদ্য যেনে কল, কিচমিচ, এপ্ৰিকট, শুকান প্লাম আদিয়ে তেজত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰে। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ'লে গাঁঠিত তীব্ৰ বিষ হোৱাৰ লগতে কিডনীত পাথৰৰ সৃষ্টি কৰে। কেৱল এয়াই নহয়, ইউৰিক এচিডে হৃদৰোগৰ আশংকাও বৃদ্ধি কৰে।এইবিধ ৰোগৰ বহুতো চিকিৎসা আছে যদিও আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও ইয়াৰ পৰা সকাহ পাব পাৰে।

মধুৰিআম পাত

মধুৰিআম পাতৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে, যি ইউৰিক এচিডৰ ক্ষেত্ৰত যথেষ্ট উপযোগী। ই সকলো প্ৰকাৰে বিষ হ্ৰাস কৰে।সেয়েহে ইউৰিক এচিডৰ গাঁঠিৰ বিষ হ্ৰাস কৰাতো ই যথেষ্ট সহায়ক।

আপুনি মধুৰিআম পাত ২ টা ধৰণে খাব পাৰে।আপুনি এই পাত উতলাই ইয়াৰ পানী খাব পাৰে নতুবা আপুনি ইয়াৰ ডিচেক্টন বনাইও খাব পাৰে।

ধনিয়া পাত

ধনিয়া পাতৰ ব্যৱহাৰ কেৱল পাকঘৰতে নহয়, বহুতো গুৰুতৰ ৰোগৰ চিকিৎসাও ধনিয়া পাতৰ দ্বাৰা কৰা হয়। ধনিয়াত আঁহ, আইৰণ, মেঙ্গানিজ আৰু মেগনেছিয়াম থাকে, যি ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ধনিয়া পাত খাবলৈ প্ৰথমে পাতবোৰ চাফাকৈ ধুই ল’ব।ইয়াৰ পিছত পাতবোৰ আধা ঘণ্টাৰ বাবে নিমখ পানীত ডুবাই দিয়ক। শিপাবোৰ কাটি দুগিলাচ পানীত ঢাকনি দি ১০ মিনিটৰ বাবে উতলাওঁক। ঢাকনিটো আঁতৰ নকৰাকৈ পানীখিনি ঠাণ্ডা হ'বলৈ দিয়ক। তাৰ পিছত ইয়াক খালী পেটত খাই ইউৰিক এচিডৰ সমস্যাৰ পৰা সকাহ পাওঁক।

তেজ পাত

এক অধ্যয়নত প্ৰমাণ পোৱা মতে, তেজপাতক কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা নহয়, ই এক ভেষজ প্ৰতিকাৰ। ইয়াত ভিটামিন চি, ভিটামিন এ আৰু ফলিক এচিড থাকে যি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে। ইয়াক খাবলৈ ১০-২৫ টা তেজপাত ধুই উতলা পানীত ৰাখক।ঠাণ্ডা হোৱাৰ পাছত দিনত দুবাৰকৈ এই পানী সেৱন কৰক।

Also Read: স্বাস্থ্যৰ সমস্যা ৰোধৰ বাবে মটৰ ত্যাগ কৰক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin