Dailyhunt
সততে এলাগী হোৱা তিতা কেৰেলা বহু ৰোগৰ ৰামবান

সততে এলাগী হোৱা তিতা কেৰেলা বহু ৰোগৰ ৰামবান

ডিজিটেল ডেস্ক: তিতা কেৰেলা, শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ অধিকাংশৰ বাবে এইবিধ পাচলি একেবাৰেই অপ্ৰিয়। কিন্তু সোৱাদ তিতা হ'লেও আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী তিতা কেৰেলা। তিতা কেৰেলাত যথেষ্ট পুষ্টিকৰ উপাদান থাকে, যিয়ে আমাক বহু ৰোগৰ পৰা সুৰক্ষিত কৰে। সেয়ে হয়তো বহুতেই কয়, তিতা কেৰেলা মুখত তিতা, কিন্তু পেটত মিঠা। তিতা বুলি বহুতে এলাগী কৰা তিতা কেৰেলাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

পৰিস্কাৰ হয় তেজ

তিতা কেৰেলা খালে ই শৰীৰত প্ৰাকৃতিক তেজ পৰিশোধক হিচাপে কাম কৰে। অপৰিস্কাৰ তেজৰ ফলত সঘনাই মূৰৰ বিষ, এলাৰ্জি, ভাগৰ লগা আদিৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে।সেয়েহে, এই শাৰিৰীক সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ আপুনি তিতা কেৰেলা খোৱাটো খুবেই দৰকাৰী।

যকৃতৰ বাবে উপকাৰী

তিতা কেৰেলাৰ হেপাটিক গুণাংশ থাকে, যি যকৃতৰ বাবে অতি উপকাৰী। ই যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু ইয়াৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।

কলেষ্টেৰল হ্ৰাসৰ কাৰক

এই ঔষধি পাচলিয়ে শৰীৰত থকা ক্ষতিকাৰক কলেষ্টেৰল হ্ৰাস কৰে। ইয়াৰ দ্বাৰা হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো সমস্যা দূৰ হয়।

হাঁপানী ৰোগৰ ঔষধ

হাঁপানী ৰোগীসকলে মচলা অবিহনে তিতা কেৰেলা খোৱাটো খুবেই উপকাৰী। পাকস্থলীত গেছ বা বদহজম হ'লে তিতা কেৰেলাৰ ৰস খাব লাগে।

বমি, ডায়েৰিয়াত উপকাৰী

বমি, ডায়েৰিয়া বা কলেৰাৰ ক্ষেত্ৰত তিতা কেৰেলা খুবেই উপকাৰী।এই ৰোগত তিতা কেৰেলা ৰসত অলপ পানী আৰু ক'লা নিমখ মিহলি কৰি খালে তাৎক্ষণিক সকাহ লাভ কৰিব পাৰি।তিতা কেৰেলা যকৃত ৰোগৰ বাবে এক ৰামবাণ।

ডায়েবেটিচ ৰোগীৰ খাদ্য

ডায়েবেটিচ ৰোগীয়েও তিতা কেৰেলা খোৱাটো খুবেই দৰকাৰী। তিতা কেৰেলাই শৰীৰত গ্লুুকোজৰ পৰিমাণ সঠিক কৰি ৰাখে।

Also Read: ওজন কমাবলৈ মন যদি দৈনিক কণী খাওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin