Dailyhunt
ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই বাহিৰ কৰক শৰীৰৰ বিষাক্ত পদাৰ্থ

ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই বাহিৰ কৰক শৰীৰৰ বিষাক্ত পদাৰ্থ

ডিজিটেল ডেস্ক: শৰীৰত থকা তেজে সকলো অংগৰ কোষকলালৈ অক্সিজেন আৰু পুষ্টি কঢ়িয়াই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ সঠিক কাৰ্যকলাপ নিশ্চিত কৰিবলৈ তেজ বিশুদ্ধ আৰু বিষাক্ত পদাৰ্থ মুক্ত হৈ থকাটো খুবেই গুৰুত্বপূৰ্ণ। কিন্তু বহুসময়ত জীৱনশৈলী সলনি কৰা আৰু বেয়া খাদ্যাভ্যাসৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হয়। এই বিষাক্ত পদাৰ্থবোৰে আমাৰ তেজ লেতেৰা কৰে। তেজ লেতেৰা হোৱাৰ ফলত ছালৰ বিভিন্ন সমস্যাৰ লগতে শৰীৰত নানান ৰোগে দেখা দিয়ে। এই ৰোগসমূহৰ পৰা পৰিত্ৰাণৰ বাবে আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ তেজ পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।

নিম পাত

ৰাতিপুৱা খালী পেটত ৪-৫ নিম পাত চোবাই খাব। নিম পাতৰ এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-ফাংগাল গুণ থাকে।

তেজত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰ কৰাৰ বাবে ই এক অতি ফলপ্ৰসু প্ৰতিকাৰ।

তুলসীৰ পাত

তুলসীৰ পাতত এণ্টিবায়টিক গুণ আছে। বিশেষজ্ঞসকলৰ মতে, ই তেজ পৰিস্কাৰ কৰাৰ এটা অতি উপযোগী ঔষধ। শৰীৰৰ পৰা তেজত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই তেজ পৰিস্কাৰ কৰাত তুলসীৰ পাত যথেষ্ট উপকাৰী। আপুনি তুলসীৰ পাত পানীত উতলাই খাব পাৰে।

এপল চাইডাৰ ভিনেগাৰ

এপল চাইডাৰ ভিনেগাৰ খোৱাটোৱে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। তেজ পৰিস্কাৰ কৰিবলৈ ৰাতিপুৱা খালী পেটত এপল চাইডাৰ ভিনেগাৰৰ সৈতে আধা চামুচ বেকিং চ’ডা পানীত মিহলাই খাব। কিন্তু যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শৰ পিছতহে ইয়াক গ্ৰহণ কৰা উচিত।

হালধিৰ গাখীৰ

হালধিত এণ্টি-বেক্টেৰিয়া, এণ্টি-ফাংগাল, এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। ৰাতি টোপনি যোৱাৰ আগতে গাখীৰৰ লগত হালধি মিহলাই খোৱাটোৱে শৰীৰত জমা হোৱা লেতেৰা আঁতৰ কৰাত সহায় কৰে আৰু তেজ পৰিস্কাৰ কৰে।

নেমু

নেমুত ভিটামিন চি আৰু চাইট্ৰিক এচিড থাকে। নেমুয়েই হৈছে সৰ্বশ্ৰেষ্ঠ ডিটক্স পানীয়। আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত নেমু পানীত মৌ মিহলি কৰি খাব।

Also Read: গাঠিৰ বিষৰ কথা পাহৰি যাাওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin