Dailyhunt
কিদৰে নেমুক দীৰ্ঘদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি, জানি লওঁক

কিদৰে নেমুক দীৰ্ঘদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি, জানি লওঁক

ডিজিটেল ডেস্ক: নেমু নহ'লে পাকঘৰ নচলে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। নেমুয়ে ব্যঞ্জনৰ সোৱাদ বঢ়োৱাত যথেষ্ট পৰিমাণে সহায় কৰে। নেমুৰ সোৱাদ এচিডিক, সেয়েহে ইয়াক সঠিক উষ্ণতাত সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। নেমুক যদি সঠিকভাৱে সংৰক্ষণ কৰা নহয়, ই অতি সোনকালে নষ্ট হৈ যায়। নেমুক কিদৰে দীৰ্ঘদিনধৰি সতেজ ৰাখিব পাৰি, আজি সেই বিষয়ে জানো আহক-

পানীত ৰাখিব

যদি আপুনি দীঘলীয়া সময়ৰ বাবে নেমু সতেজ কৰি ৰাখিব বিচাৰে, তেতিয়া আপুনি নেমুখিনি পানীত ৰাখিব।ইয়াৰ বাবে এটা কাঁচৰ জাৰত ভৰ্তিকৈ পানী লৈ নেমুখিনি ভৰাই ফ্ৰীজত ৰাখিব। এনেদৰে ৰাখিলে নেমু দীঘলীয়া সময়ৰ বাবে সতেজ তথা ৰসাল হৈ থাকে আৰু ইয়াৰ সোৱাদৰো একো পাৰ্থক্য নহয়।

'জিপ লক' বেগত ৰাখিব

নেমুৰ ‘চেল্ফ লাইফ’ বৃদ্ধি কৰিবলৈ সদায়ে ‘জিপ লক’ বেগত বন্ধ কৰি ৰাখিব লাগে। এনে বেগত বায়ু সোমাব নোৱাৰে বাবে নেমু দীৰ্ঘদিন ধৰি সম্পূৰ্ণ সতেজ হৈ থাকে।

এলুমিনিয়াম ফইল

‘এলুমিনিয়াম ফইল’ ব্যৱহাৰ কৰিও আপুনি দীৰ্ঘসময়ৰ বাবে নেমু সতেজ কৰি ৰাখিব পাৰে। ইয়াৰ বাবে প্ৰতিটো নেমু ‘এলুমিনিয়াম ফইল’ত ভালদৰে মেৰিয়াই ৰাখিব যাতে নেমুৰ পৰা আৰ্দ্ৰতা ওলাই যাব নোৱাৰে। এনেদৰে ৰাখিলে মাহ মাহ ধৰি নেমু ভাল হৈ থাকিব।

ফলৰ ওচৰত নেমু নথ'ব

নেমুবোৰ অতি সংবেদনশীল, সেয়েহে কেতিয়াও ইয়াক ফলৰ ওচৰত ৰাখিব নালাগে। ফলবোৰে ইথিলিন নামৰ এক হৰমন মুকলি কৰে। এই হৰমনৰ বাবে নেমু নষ্ট হ'ব পাৰে।

প্লাষ্টিকৰ পাত্ৰত ৰাখিব

আপুনি প্লাষ্টিকৰ পাত্ৰতো নেমু ৰাখিব পাৰে। প্ৰথমে নেমুটো প্লাষ্টিকৰ পলিথিনত মেৰিয়াই লৈ ‘এয়াৰ টাইট’ পাত্ৰ এটাত ভৰাই ইয়াক ফ্ৰীজত ৰাখক। এনেদৰে ৰাখিও আপুনি নেমু বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰে।

Also Read: Kidney Health: অৱহেলা নকৰিব, লক্ষণ চিনি লৈ সাৱধানতা অৱলম্বন কৰক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin