ডিজিটেল ডেস্ক: টাটা মটৰ্ছে আজি গুৱাহাটীৰ সৰুসজাইস্থিত বিমল কাৰ্ছত গ্ৰাহকসকলৰ বাবে নতুন টাটা ছিয়েৰা আনুষ্ঠানিকভাৱে মুকলি কৰিছে। এই অনুষ্ঠানত বিমল কাৰ্ছৰ পৰিচালন সঞ্চালক বিমল সাৰাৱগী, মূখ্য কাৰ্যবাহী বিষয়া অৰিহন্ত সাৰাৱগী আৰু অনুৰাগ সাৰাৱগী, জ্যেষ্ঠ পৰিচালক ঋষি খেমকা আৰু প্ৰখ্যাত বৰুৱা তথা মহাপ্ৰবন্ধক দীপংকৰ দাসে অংশ গ্ৰহণ কৰে।
নতুন টাটা ছিয়েৰাৰ মুখ্য বৈশিষ্ট্যসমূহ
দৃঢ় আৰু আধুনিক ডিজাইন: এই গাড়ীখন আধুনিক SUV আকৃতি, ছিগনেচাৰ লাইটিং এলিমেণ্ট, শক্তিশালী গঠন আৰু সম্পূৰ্ণ প্ৰিমিয়াম ডিজাইনৰ।
আকৰ্ষণীয় ইন্টেৰিয়ৰ: এই গাড়ীখনত অতি উন্নত মানৰ সামগ্ৰী ব্যৱহৃত, অধিক ঠাই আৰু আৰামদায়ক লাউঞ্জ ধৰণৰ কেবিন উপলব্ধ।
অত্যাধুনিক প্ৰযুক্তি: বৃহৎ সংযুক্ত তথ্য-বিনোদন ব্যৱস্থা, সম্পূৰ্ণ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, সহজে নিয়ন্ত্ৰণ কৰিব পাৰি এই নতুন গড়ীখন।
অতি উন্নত সুৰক্ষা ব্যৱস্থা: শক্তিশালী বডী আৰু উন্নত সুৰক্ষা ব্যৱস্থা।
একাধিক পাৱাৰট্ৰেইন বিকল্প: বৈদ্যুতিক বিকল্পসহ আধুনিক আৰু বহনক্ষম বিকল্পসমূহ।
উন্নত আৰাম আৰু সুবিধা: এই গাড়ীখনত মসৃণ ৰাইড, উন্নত আৰ্গ’নমিক্স আৰু দীঘলীয়া যাত্ৰাৰ বাবে উপযোগী
এই নতুন গাড়ীখনৰ সন্দৰ্ভত টাটা মটৰ্ছে জানিবলৈ দিয়া মতে, ছিয়েৰাৰ পুনৰ আগমনে ঐতিহ্য আৰু উদ্ভাৱনৰ সুন্দৰ সংমিশ্ৰণ প্ৰতিফলিত কৰিছে। গাড়ীখন খুব আকৰ্ষণীয়। তদুপৰি, এই নতুন গাড়ীখনে প্ৰযুক্তিগতভাৱে উন্নত আৰু ভৱিষ্যৎ-প্ৰস্তুত বাহন আগবঢ়োৱাৰ দৃষ্টিভংগী প্ৰতিনিধিত্ব কৰে।

