Dailyhunt
হয়, ছোৱালীজনী কৃপণ ! পিন্ধে 'ছেকেণ্ড হেণ্ড' কাপোৰ

হয়, ছোৱালীজনী কৃপণ ! পিন্ধে 'ছেকেণ্ড হেণ্ড' কাপোৰ

ডিজিটেল ডেস্ক: এই পৃথিৱীত এনে একাংশ লোক আছে, যিসকলে যিমান উৰ্পাজন কৰিলেও ধনৰ প্ৰয়োজনীয়তাৰ এৰ নপৰে। আনহাতে, আন একাংশ এনে আছে, যিসকলে কম উপাৰ্জন কৰিও পৰিকল্পনাৰে সঞ্চয় কৰি খুব সুন্দৰকৈ জীৱনটো চলাই নিব পাৰে। এনে এগৰাকী মহিলাৰ কথাই শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে, যাৰ বিষয়ে গম পালে আপুনিও আচৰিত হ'ব।

হয়, আমেৰিকাৰ মিয়া মেকগ্ৰা নামৰ এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে এনে সঞ্চয় আঁচনি গ্ৰহণ কৰিছে, যাৰ জৰিয়তে এতিয়ালৈকে তেওঁ ৮.৩নিযুত টকা ৰাহি কৰিছে। মিয়াই ৪০ বছৰ বয়সত অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। যাৰ বাবে তেওঁ এই আশ্চৰ্যজনক পৰিকল্পনা কৰিছে।

আপুনি জানি আচৰিত হ'ব যে এই সঞ্চয় মিয়াৰ ৰাতিপুৱাৰ আহাৰৰ সৈতে গভীৰভাৱে সম্পৰ্কিত।

প্ৰকৃততে তেওঁ সদায় ৰাতিপুৱা ব্ৰেড আৰু কণী খায়। কেতিয়াও তাই বাহিৰত খাদ্য গ্ৰহণ নকৰে। ঘৰৰ পৰা বাহিৰলৈ ওলালে লগত থাকে এটা পানী বটল, যাতে বাহিৰত পানী কিনাৰ নামত অযথা টকা খৰচ নহয়। তদুপৰি, তাই কোনো ব্ৰেণ্ডেড কাপোৰ নিপিন্ধে। বাজেটৰ ভিতৰত কাপোৰ বাছনি কৰে। যাৰ ফলত তাই কম মূল্যৰ বিকল্প আৰু ছেকেণ্ড হেণ্ড সামগ্ৰী ক্ৰয় কৰে। যিয়ে তাইৰ সঞ্চয় অধিক বৃদ্ধি কৰে।

৪০ বছৰলৈ ১১ কোটি সঞ্চয়ৰ লক্ষ্য

এই সন্দৰ্ভত মিয়াই প্ৰকাশ কৰা মতে, ‘আগতীয়া অৱসৰ আৰু আৰামদায়ক জীৱনৰ বাবে ত্যাগৰ প্ৰয়োজন। তাৰ পৰিৱৰ্তে ৪০ বছৰ বয়সৰ ভিতৰত ঘৰ এটা ক্ৰয় কৰিবলৈ ১১ নিযুত টকা ৰাহি কৰাৰ মোৰ লক্ষ্য। মা-দেউতাৰ সৈতে বাস কৰাৰ বাবেও ভাড়াৰ টকাকেইটা মোৰ ৰাহি হৈছে। মই মোৰ মাহেকীয়া উপাৰ্জনৰ ৫০-৭০ শতাংশই সঞ্চয় কৰো।

Also Read: ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ বাবেই ৰাখীয়ে কৰিব তৃতীয় বিবাহ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin