Dailyhunt
ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ বাবেই ৰাখীয়ে কৰিব তৃতীয় বিবাহ

ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ বাবেই ৰাখীয়ে কৰিব তৃতীয় বিবাহ

ডিজিটেল ডেস্ক: পুনৰ চৰ্চাত 'ড্ৰামা কুইন'। ব্যতিক্ৰমী ব্যক্তিত্বৰ বলৰে প্ৰায় সকলো সময়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা 'ড্ৰামা কুইন'খ্যাত বলীউডী সুন্দৰী ৰাখী ছাৱন্ত তেওঁ কথনশৈলীৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে। এইবাৰ ৰাখী চৰ্চালৈ অহাৰ কাৰণ অৱশ্যে সুকীয়া। হয়, ৰাখীয়ে আকৌ বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। পিছে, এইবাৰ তেওঁ দেশখনৰ কথা ভাবিহে তৃতীয়বাৰলৈ বিয়া হ'বলৈ আগবাঢ়িছে।

প্ৰকৃততে, ৰাখীয়ে পাকিস্তানলৈ বিয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰখ্যাত মৌলানা মুফতি আব্দুল কাভিয়ে ৰাখীক বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। আচৰিত কথা এয়ে যে, ৰাখীয়েও একেমুখে এই বিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে।

অৱশ্যে, ৰাখীয়ে ৫৮ বছৰীয়া মৌলানা মুফতি আব্দুল কাভিৰ সৈতে বিয়া হোৱাৰ বাবে কেতবোৰ চৰ্তও ৰাখিছে। এই সন্দৰ্ভত ৰাখীয়ে প্ৰকাশ কৰে যে, ‘মুফতি আব্দুল কাভিয়ে যদি মোৰ সৈতে বিয়া পাতিবলৈ মন কৰে, তেন্তে তেওঁ মোৰ ৬-৭ কোটি টকাৰ ঋণ প্ৰথমে পৰিশোধ কৰিব লাগিব। তেওঁ ৫৮ বছৰীয়া বুলি মই জানো। কিন্তু বয়স মোৰ বাবে ইছ্যু নহয়। মই তেওঁলৈ বিয়া হ’লে ভাৰত-পাকিস্তানৰ মাজত এক সু-সম্পৰ্ক গঢ়ি উঠিব। মোৰ বিয়াৰ বাবে যদি এনে এটা ভাল কাম হয়, তেতিয়া মই এই বিয়াত বহিবলৈ অতি আগ্ৰহী। বিয়াৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটোয়েই মোৰ সপোন।’

ৰাখীৰ এই ভিডিঅ’ এতিয়া চৌদিশে ভাইৰেল হৈছে। অৱশ্যে, ৰাখীৰ চৰ্তসমূহ মৌলানা মুফতি আব্দুল কাভিয়ে মানিবনে নাই অথবা ৰাখীৰ তৃতীয় বিবাহৰ সপোন সঁচা হয় নে নহয়, সেয়া অৱশ্যে সময়তহে লক্ষ্যণীয় হ’ব।

Also Read: বলীউডৰ সুন্দৰীৰ দৰে হ'বলৈ এইদৰে লওঁক নিজৰ যতন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin