Dailyhunt
'হিট ষ্ট্ৰ'ক'ৰ লক্ষণ জানি লৈ সাৱধান হওঁক

'হিট ষ্ট্ৰ'ক'ৰ লক্ষণ জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: ভাৰতত প্ৰতি বছৰে গৰমে অভিলেখ ভংগ কৰে। এতিয়া এপ্ৰিল মাহ, এতিয়াই তাপমাত্ৰা হৈছেগৈ ৪০ ডিগ্ৰী। প্ৰচণ্ড গৰমত আমাৰ শৰীৰেও তাপমাত্ৰা বজাই ৰখিবৰ বাবে নানান সংগ্ৰাম কৰিবলগীয়া হয়। গৰমৰ দিনত জণ্ডিছ, 'ডিহাইড্ৰেচন', অৱসাদ, ডায়েৰিয়াকে ধৰি হাজাৰটা বেমাৰে আমাক আৱৰি ধৰে। এই সময়ছোৱাত বহু লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। গৰমত দিনত হোৱা আন এক ভয়াৱহ ৰোগ হৈছে 'হিট ষ্ট্ৰ'ক'। 'হিট ষ্ট্ৰ'ক'ৰ ক্ষেত্ৰত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন। যদি সময়ত চিকিৎসা কৰা নহয়, ই আপোনাৰ মগজু, হৃদযন্ত্ৰ, বৃক্ক আৰু পেশীৰ বেয়াকৈ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত মৃত্যুও হ'ব পাৰে। প্ৰকৃততে, 'হিট ষ্ট্ৰ'ক' কি, ইয়াৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

‘হিট ষ্ট্ৰ’ক’ত আক্ৰান্ত হ’লে শৰীৰে নিজকে শীতল কৰিব নোৱাৰে আৰু ১০-১৫ মিনিটত শৰীৰৰ তাপমাত্ৰা ১০৬ ডিগ্ৰী ফাৰেনহাইট হয়। যদি পৰিস্থিতিত জৰুৰীকালীন চিকিৎসা প্ৰাপ্ত নহয়, তেনেহ'লে আপোনাৰ জীৱনৰ প্ৰতি বিপদাশংকাও আহিব পাৰে।

‘হিট ষ্ট্ৰ’ক’ৰ লক্ষণ

-যিকোনো বিষয়ত খেলিমেলি

-স্পষ্টকৈ কথা ক'ব নোৱাৰা

-মুৰৰ বিষ

-দ্ৰুত উশাহ

-দ্ৰুত হৃদস্পন্দন

-শৰীৰত অত্যাধিক গৰম লগা

-পেশীৰ জঠৰতা

যদি আপুনি ‘হিট ষ্ট্ৰ’ক’ত আক্ৰান্ত হয়, তেন্তে কি কৰিব ?

১. ৰোগীক সূৰ্যৰ পোহৰৰ পৰা আঁতৰাই নিব।

২.যদি সম্ভৱ হয়, ৰোগীক বৰফৰ পানীৰে গা ধুৱাব।

৩. শৰীৰটো যিকেনো উপায়েৰে তিয়াই দিব অথবা শৰীৰত ঠাণ্ডা তিতা কাপোৰ এখন দি দিব।

৫. ৰোগীয়ে যাতে চাৰিওফালৰ পৰা বতাহ পায়, সেয়া মন কৰিব।

৬. মূৰ, ডিঙি, কাষলতি তল আৰু উৰুত তিতা কাপোৰ এখন দি দিব।

Also Read: এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin