Dailyhunt
শৰীৰত অবিশ্বাস্য পৰিৱৰ্তন দেখি আপুনি আচৰিত হ'ব

শৰীৰত অবিশ্বাস্য পৰিৱৰ্তন দেখি আপুনি আচৰিত হ'ব

ডিজিটেল ডেস্ক: চেনী আমাৰ দৈননন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ। আমি দৈনিক খাই থকা চাহ, কফি, মিঠাই তথা জাংক ফুডত চেনিৰ পৰিমাণ ইমানেই বেছি যে আমি অজানিতে ইয়াৰ বহু পৰিমাণে গ্ৰহণ কৰো। আজিকালি স্বাস্থ্য বিশেষজ্ঞই অধিকাংশ লোককে চেনী পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু খুব কম সংখ্যকহে এই পৰামৰ্শ মানি চলে। অৰ্থাৎ, অধিকাংশ লোকেই চেনী অবিহনে খাদ্য গ্ৰহণ কৰিব নোৱাৰে। প্ৰকৃততে চেনীক আমাৰ স্বাস্থ্যৰ শত্ৰু বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। যদি আপুনি চেনি সম্পূৰ্ণৰূপে এৰিব নোৱাৰে তেন্তে ইয়াৰ কমকৈ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। বেছিদিন নালাগে, কেৱল মাত্ৰ ১৪ দিন খাদ্যৰ পৰা চেনি আঁতৰালে আপুনি অবিশ্বাস্য প্ৰমাণ লাভ কৰিব।

হয়, ১৪ দিন চেনী নোখোৱাকৈ থাকিলে আপোনাৰ শৰীৰটো কিদৰে উপকৃত হ’ব, জানি লওঁক-

হ্ৰাস হয় ওজন

চেনী নোখোৱাকৈ থকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্বাস্থ্য উপকাৰিতা হৈছে শৰীৰৰ ওজন হ্ৰাস হোৱা। চেনিত যথেষ্ট পৰিমাণৰ কেলৰি থাকে, যিয়ে আমাৰ শৰীৰত চৰ্বি জমা কৰে। যেতিয়া আপুনি চেনি খাবলৈ বাদ দিয়ে, তেতিয়া আপোনাৰ সামগ্ৰিক কেলৰি গ্ৰহণ কমি যায়, যাৰ ফলত ওজন হ্ৰাস ত্বৰান্বিত হয়। ১৪ দিনৰ ভিতৰতে আপুনি শৰীৰটো লঘু অনুভৱ কৰিব আৰু আপোনাৰ ওজন ১-২ কিলোগ্ৰাম হ্ৰাস পাব।

নিয়ন্ত্ৰণত থাকে ইনচুলিনৰ মাত্ৰা

অত্যধিক চেনি সেৱনে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগৰ আশংকা বৃদ্ধি হয়। ১৪ দিন চেনি এৰি দিলে আপোনাৰ তেজত চেনিৰ মাত্ৰা সুষম হয় আৰু ইনচুলিনৰ সংবেদনশীলতাও উন্নত হয়। এই সময়ছোৱাত শৰীৰে চেনিক শক্তিলৈ অধিক কাৰ্যক্ষমভাৱে ৰূপান্তৰিত কৰে, যাৰ ফলত শক্তিৰ মাত্ৰা সুস্থিৰ হৈ থাকে।

উন্নত হয় ছাল

অত্যধিক চেনি গ্ৰহণ কৰিলে শৰীৰত প্ৰদাহ হয়। যাৰ ফলত শালমইনা, বলিৰেখাকে ধৰি বিভিন্ন ছালৰ সমস্যাৰ হ’ব পাৰে। যেতিয়া আপুনি চেনি খাবলৈ এৰি দিয়ে, তেতিয়া আপোনাৰ ছালখন সতেজ আৰু উজ্জ্বল হৈ উঠে।

শক্তিৰ মাত্ৰা বৃদ্ধি

চেনিয়ে আমাৰ শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে যদিও এই শক্তি বেছি সময় নাথাকে। চেনি খোৱাৰ পিছত শৰীৰত চেনিৰ মাত্ৰা বাঢ়ি যায় আৰু তাৰ পিছত দ্ৰুতগতিত কমি যায়, যাৰ ফলত আমাৰ ভাগৰুৱা অনুভৱ হয়। ১৪ দিন চেনি ত্যাগ কৰিলে শৰীৰত শক্তিৰ এক স্থিৰ উৎস, যেনে স্বাস্থ্যকৰ কাৰ্বহাইড্ৰেট আৰু প্ৰটিন পোৱা যায়। ইয়াৰ ফলত শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি হয় আৰু গোটেই দিনটো সতেজ অনুভৱ হয়।

উন্নত হয় হজম শক্তি

অত্যধিক চেনি খালে পাচনতন্ত্ৰত চাপ পৰে। যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হয়। যেতিয়া আপুনি চেনি খাবলৈ এৰি দিয়ে, তেতিয়া পাচনতন্ত্ৰই ভালকৈ কাম কৰে।

সুস্থিৰ হয় মানসিক স্বাস্থ্য

অত্যধিক চেনি খালে মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰিব পাৰে। ই মগজুত ড’পামিন (যি হৰমনে আনন্দৰ অনুভৱ সৃষ্টি কৰে)ৰ মাত্ৰা বৃদ্ধি কৰে যদিও ইয়াৰ প্ৰভাৱ ক্ষন্তেকীয়া। চেনি নাখালে শৰীৰৰ এই ক্ষন্তেকীয়া সুখৰ অনুভূতি হ্ৰাস পায় আৰু মানসিক অৱস্থালৈ ভাৰসাম্যতা আহে। যাৰ ফলত মনোভাৱ উন্নত আৰু খং-ৰাগ হ্ৰাস পায়।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি

অত্যধিক চেনি খালে হৃদৰোগ হ’ব পাৰে। গৱেষণাত পোহৰলৈ অহা মতে, অত্যধিক চেনি খালে ৰক্তচাপ আৰু ট্ৰাইগ্লিচাৰাইড (তেজৰ চৰ্বি) বৃদ্ধি পাব পাৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। আপুনি ১৪ দিন চেনি ত্যাগ কৰিলে ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা সুস্থিৰ হয়, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হয়।

ভাল টোপনি

চেনি খালে আপোনাৰ শৰীৰত ইনচুলিনৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত টোপনিৰ মানদণ্ডত প্ৰভাৱ পৰে। যেতিয়া আপুনি চেনি খাবলৈ এৰি দিয়ে, তেতিয়া শৰীৰত শক্তিৰ মাত্ৰা ভাল হৈ থাকে আৰু টোপনিৰ মান উন্নত হয়। আপুনি ৰাতি ভালদৰে টোপনি যাব পাৰে, যিয়ে আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰাত সহায় কৰে।

মানসিক চাপ,উদ্বেগ হ্ৰাস

অতিমাত্ৰা চেনি খালে মানসিক চাপ আৰু উদ্বেগ আদি মানসিক সমস্যা বৃদ্ধি পাব পাৰে। ১৪ দিন চেনিৰ পৰা আঁতৰি থাকিলে শৰীৰত কৰ্টিছল (ষ্ট্ৰেছ হৰম’ন)ৰ মাত্ৰা হ্ৰাস পায়, যাৰ ফলত মানসিক অৱস্থা উন্নত হয় আৰু মানসিক চাপ হ্ৰাস পায়।

Also Read: অৱলম্বন কৰক এই উপায়, কেতিয়াও কাষ নাচপে ঘামচি-খজুৱতি

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin