Dailyhunt
জানি লওঁক মহানৱমীৰ গুৰুত্ব, শুভ সময়

জানি লওঁক মহানৱমীৰ গুৰুত্ব, শুভ সময়

ডিজিটেল ডেস্ক: নৱৰাত্ৰিৰ শেষ দিনটো অৰ্থাৎ নৱমীত দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী হিচাপে পূজা কৰা হয়। এই দিনটোত কুমাৰী পূজাৰো বিশেষ তাৎপৰ্য আছে। নৱমীৰ দিনটোত কন্যাক পূজা কৰিলে দেৱী দুৰ্গাই ভক্তক আশীৰ্বাদ, সফলতা আৰু আকাংক্ষিত ফল প্ৰদান কৰে। এই দিনটোতে দেৱী দুৰ্গাই সিদ্ধিদাত্ৰী ৰূপত পদুম ফুলৰ ওপৰত বহি হাতত শংখ, চক্ৰ, গদা আৰু পদুম লৈ থাকে। নৱমীৰ সন্ধিয়া দেৱীৰ মহা আৰতি, যজ্ঞ কৰা হয়।

নৱমীৰ শুভ সময়

নৱমী তিথি আৰম্ভ - ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:০৬ বজাত।

নৱমী তিথি শেষ - ১ অক্টোবৰৰ সন্ধিয়া ৭:০১ বজাত।

কুমাৰী পূজনৰ শুভ সময় - ১ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ।

কুমাৰী পূজনৰ গুৰুত্ব

১) কুমাৰীক দেৱী দুৰ্গাৰ মূৰ্তি বুলি গণ্য কৰি পূজা কৰাৰ পৰম্পৰা আছে।

২) কুমাৰীৰ পূজাৰে নৱৰাত্ৰি উপবাস সম্পূৰ্ণ আৰু সফল বুলি গণ্য কৰা হয়।

৩) এই দিনটোতে দেৱী সিদ্ধিদাত্ৰীয়ে আঠটা সিদ্ধি আৰু নটা নিধি প্ৰদান কৰে।

৪) কুমাৰীক পূজা কৰা পৰিয়ালটোৰ পৰা দৰিদ্ৰতা, ৰোগ, দুখ-কষ্ট নিৰ্মূল হয়।

৫) কুমাৰীক খুৱাই দক্ষিণা (দান) দিয়াটোৱে আশীৰ্বাদ কঢ়িয়াই আনে।

কিদৰে কৰিব কুমাৰী পূজা ?

১) ৰাতিপুৱা সোনকালে গা-পা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজাৰ স্থান সজাই ল'ব।

২) দুই, পাঁচ, সাত বা নজনী কুমাৰী আৰু এজন সৰু ল'ৰাক নিমন্ত্ৰণ কৰিব।

৩) প্ৰথমে ভৰি ধুৱাই আসনত বহিবলৈ দিব।

৪) তেওঁলোকৰ কপালত ধানৰে ফোঁট দিব।

৫) তেওঁলোকক গামোচা, হাতত পবিত্ৰ সূতা আৰু ফুল দিব।

৬) তেওঁলোকক অন্ন খুৱাব।

৭) অন্ন খোৱাৰ পিছত উপহাৰ, দক্ষিণা, আশীৰ্বাদ দি বিদায় দিব।

শেষত দেৱী দুৰ্গাৰ আৰতি সম্পন্ন কৰি পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin