Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
কেৱল হাঁওফাঁও, হৃদযন্ত্ৰৰে নহয়, গাঠিৰো অভাৱনীয় ক্ষতি কৰে ধূমপানে

কেৱল হাঁওফাঁও, হৃদযন্ত্ৰৰে নহয়, গাঠিৰো অভাৱনীয় ক্ষতি কৰে ধূমপানে

ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি ধূমপানক হাঁওফাঁও ৰোগ, হৃদৰোগ আৰু কেন্সাৰৰ অন্যতম মুখ্য কাৰণ হিচাপে ধৰা হয়। কিন্তু চিকিৎসা বিজ্ঞানৰ নতুন নতুন গৱেষণাই এতিয়া আন এক গুৰুতৰ অসুখৰ সৈতে ধূমপানৰ গভীৰ সম্পৰ্ক উন্মোচন কৰিছে। সেয়া হৈছে বাতবিষ(Rheumatoid Arthritis)বা RA। এই ৰোগে কেৱল গাঁঠিৰ বিষ বা সাধাৰণ অস্থিসন্ধিৰ সমস্যাই নহয়, মানুহৰ চলাফুৰা, স্বাভাৱিক জীৱন-যাপন আৰু স্বাধীনতাকো গভীৰভাৱে প্ৰভাৱিত কৰে।

সাধাৰণতে মানুহে ভাবে যে, বাতবিষ মানেই বয়স বৃদ্ধি পালে হোৱা গাঁঠিৰ সমস্যা। কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল। বাতবিষ হৈছে এক অট'ইমিউন ৰোগ, য'ত শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাই ভুলবশতঃ নিজৰেই গাঁঠিবোৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

ফলস্বৰূপে গাঁঠিত তীব্ৰ বিষ, ফুলা, জড়তা আৰু দীঘলীয়া সময়লৈ ক্ষতি হ’ব পাৰে। বিশেষকৈ হাত আৰু ভৰিৰ সৰু সৰু গাঁঠিবোৰ এই ৰোগত অধিক প্ৰভাৱিত হয়। এই ৰোগৰ সময়মতে চিকিৎসা নকৰিলে গাঁঠিৰ গঠন বিকৃত হোৱাৰ সম্ভাৱনাও থাকে।

বাতবিষৰ অন্যতম মূখ্য কাৰণ ধূমপান

চিকিৎসা গৱেষণাৰ তথ্য অনুসৰি ধূমপান বাতবিষৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ। বিশেষকৈ 'সেৰোপজিটিভ বাতবিষ' নামৰ ধৰণটোৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক দেখা গৈছে। এই অৱস্থাত শৰীৰত বিশেষ ধৰণৰ এন্টিবডি, যেনে ACPA (Anti-Citrullinated Protein Antibodies) অধিক পৰিমাণে উৎপন্ন হয়।

বিশেষজ্ঞসকলৰ মতে, চিগাৰেটৰ ধোঁৱাই হাঁওফাঁওৰ মিউক’ছা আৰু শ্বাসনলীত প্ৰদাহ সৃষ্টি কৰে। এই প্ৰদাহে শৰীৰৰ ইমিউন ট’লাৰেন্স কমাই দিয়ে আৰু ফলত শৰীৰে নিজৰেই গাঁঠিৰ বিৰুদ্ধে এন্টিবডি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াই ধীৰে ধীৰে বাতবিষৰ সৃষ্টি কৰিব পাৰে।

এই ৰোগৰ লক্ষণসমূহ-

বাতবিষৰ আৰম্ভণিৰ লক্ষণবোৰ বহু সময়ত সাধাৰণ গাঁঠিৰ বিষ বুলি অৱহেলা কৰা হয়। কিন্তু তলৰ লক্ষণসমূহ দেখা দিলে সতর্ক হোৱা উচিত—

  • গাঁঠিত বিষ, ফুলা আৰু গাঁঠিত গৰম অনুভৱ হোৱা।

  • পুৱা উঠাৰ পিছত ৪৫ মিনিট বা তাতকৈ অধিক সময় গাঁঠি জড় হৈ থকা।

  • হাত আৰু ভৰিৰ সৰু গাঁঠিত অধিক সমস্যা।

  • অতিমাত্ৰা ক্লান্তি অনুভৱ।

  • জ্বৰ

  • ভোক কমি যোৱা

  • চলাফুৰাত অসুবিধা হোৱা

এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজনীয়।

ধূমপান এৰিলেও থাকে এই ৰোগৰ সম্ভাৱনা

২০১৮ চনত কৰা এটা বৃহৎ গৱেষণাত ৩৬৫৫ জন বাতবিষ ৰোগী আৰু ৫৮৮৩ জন নিয়ন্ত্ৰিত ব্যক্তিক পৰ্যবেক্ষণ কৰা হৈছিল। গৱেষণাত দেখা যায় যে ধূমপায়ীসকলৰ বাতবিষ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। উদ্বেগজনক বিষয় হৈছে—ধূমপান এৰি দিয়াৰ বহু বছৰ পিছতো এই সম্ভাৱনা সম্পূৰ্ণভাৱে হ্ৰাস নাপায়।

তদুপৰি, কিছুমান গৱেষণাই এইটোও দেখুৱাইছে যে ধূমপানে বাতবিষৰ চিকিৎসাত ব্যৱহৃত DMARDs (Disease-Modifying Anti-Rheumatic Drugs) নামৰ ঔষধৰ কার্যক্ষমতাতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ ধূমপান কৰা ব্যক্তিৰ ক্ষেত্ৰত চিকিৎসাৰ ফলাফল তুলনামূলকভাৱে কম হ’ব পাৰে।

সচেতনতা আৰু ধূমপান ত্যাগেই উত্তম উপায়

বাতবিষ এক দীৰ্ঘস্থায়ী আৰু কষ্টদায়ক ৰোগ। যদিও ইয়াক সম্পূৰ্ণভাৱে নিৰাময় কৰিব পৰা নগ'লেও সময়মতে চিনাক্তকৰণ, নিয়মীয়া চিকিৎসা আৰু স্বাস্থ্যসচেতন জীৱনশৈলীৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। বিশেষকৈ ধূমপান ত্যাগ কৰাটো এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। ধূমপান এৰিলে কেৱল হাঁওফাঁও বা হৃদৰোগেই নহয়, ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ দৰে অট'ইমিউন ৰোগৰ সম্ভাৱনাও বহু পৰিমাণে কমাব পাৰি।

উল্লেখ্য যে, স্বাস্থ্যই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। সেয়েহে সুস্থ জীৱনৰ বাবে ধূমপানৰ দৰে ক্ষতিকাৰক অভ্যাসৰ পৰা আঁতৰি থাকক আৰু শৰীৰৰ যিকোনো অস্বাভাৱিক লক্ষণক অৱহেলা নকৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin