Dailyhunt
খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে গৰ্ভস্থ সন্তান

খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে গৰ্ভস্থ সন্তান

ডিজিটেল ডেস্ক: গৰ্ভাৱস্থাত মহিলাসকল সকলো ক্ষেত্ৰতে সাৱধান হোৱাটো খুবেই জৰুৰী। বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত। আমি সকলোয়ে পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে অতি লাভজনক বুলি জানো যদিও গৰ্ভাৱস্থাত সকলো পাচলি খোৱাটো স্বাস্থ্যসন্মত নহয়। হয়, কিছুমান পাচলিয়ে গৰ্ভৱতী মহিলাগৰাকীৰ বহু ক্ষতি কৰিব পাৰে। গৰ্ভাৱস্থাত কোনবোৰ পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, আজি জানো আহক-

অমিতা

গৰ্ভাৱস্থাত অমিতা খাব নালাগে। কিয়নো অমিতাত থকা কিছুমান উপাদানৰ ফলত জৰায়ুত সংকোচন হ'ব পাৰে, যাৰ ফলত মহিলাগৰাকী বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি গৰ্ভৱতী, অমিতা নাখাব।

তিতা কেৰেলা

তিতা কেৰেলাত কুইনাইন, গ্লাইকোচাইড, মৰ্ডিকাৰ দৰে বহুতো উপাদান থাকে, যি শৰীৰলৈ যোৱাৰ পিছত মৃদু বিষাক্ত প্ৰভাৱ পেলাব পাৰে।

যাৰ ফলত আপুনি ভাগৰ, পেটৰ বিষ, অতিৰিক্ত ভোক লগা, শৰীৰৰ বিষ, চকুৰে অস্পষ্ট দেখা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

বেঙেনা

গৰ্ভৱতী মহিলাসকলে বেঙেনাও খাব নালাগে। অতি পুষ্টি সম্পন্ন বেঙেনাত ছাইট হৰমন থাকে, যি ঋতুস্ৰাৱ হোৱাত সহায় কৰে।সেয়েহে, গৰ্ভাৱস্থাত বেঙেনা একেবাৰেই খাব নালাগে।তদুপৰি, বেঙেনা খোৱাৰ ফলত এলাৰ্জিৰ সমস্যা হ'ব পাৰে, যাৰ ফলত খজুৱতি, পেটৰ বিষ, ডায়েৰীয়া আদি হ'ব পাৰে।

বন্ধাকবি

গৰ্ভাৱস্থাত বন্ধাকবি খোৱাটোও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। ইয়াত চেনী যথেষ্ট বেছিকৈ থাকে। সেয়েহে, এই সময়ছোৱাত বন্ধাকবি খালেও সীমিত পৰিমাণেহে খাব।

কেঁচা পাচলি

গৰ্ভৱতী মহিলাসকলক বিশেষজ্ঞসকলে কেঁচা পাচলি নাখাবলৈ পৰামৰ্শ দিয়ে। যেতিয়াই আপুনি পাচলি আৰু ফল খায়, আগতে সেইবোৰ ভালদৰে ধুইহে খাব। ই আপোনাক সংক্ৰমণৰ আশংকাৰ পৰা ৰক্ষা কৰিব।

Also Read: কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin