Dailyhunt
কি ৰোগ হ'লে কোনবিধ ফল খাব লাগে জানি লওঁক

কি ৰোগ হ'লে কোনবিধ ফল খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ ফল খোৱাটো খুবেই জৰুৰী। যেতিয়া কোনো অসুস্থ হয়, তেওঁলোকক প্ৰায়ে ফল খাবলৈ পৰামৰ্শ দিয়া হয়। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে দৈনিক ফল খালে আমাৰ বেমাৰ হোৱাৰ আশংকা হ্ৰাস হয়। কিন্তু ফল খোৱাৰো কিছুমান নিয়ম আছে। কি ৰোগত কি ফল আৰু কেতিয়া খাব লাগে, সেই বিষয়ে আজি জানো আহক-

ডায়েবেটিছ ৰোগীৰ বাবে ফল

ডায়েবেটিছ ৰোগীসকলৰ বাবে অমিতাক অন্যতম শ্ৰেষ্ঠ ফল বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত, আঁহ সমৃদ্ধ আপেলে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।তদুপৰি, নাশপতি আৰু বেৰীয়ে শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱা প্ৰতিহত কৰে। হজম উন্নত কৰিবলৈ আপুনি মধুৰিআম খাব পাৰে। এই ৰোগীয়ে সদায় কল, আঙুৰ, আম, আনাৰস পৰিহাৰ কৰিব লাগে।

কিয়নো এইসমূহ ফলত অতি উচ্চ পৰিমাণত শৰ্কৰাৰ স্তৰ থাকে, যি ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ'ব পাৰে।

উচ্চ ৰক্তচাপত উপকাৰী ফল

উচ্চ ৰক্তচাপ থকা ৰোগীসকলে নেমুজাতীয় ফল, কল, বেৰী, ডালিম, প্লাম আৰু তৰমুজ খাব লাগে। এই ফলবোৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। তদুপৰি, কিৱিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এনে ৰোগীসকলে নিমখযুক্ত ফল আৰু বটল-টেমাত উপলব্ধ ৰসৰ পৰা আঁতৰি থাকিব লাগে।

কোষ্ঠকাঠিন্য, পাচন সমস্যাৰ বাবে ফল

আঁহ সমৃদ্ধ কল কোষ্ঠকাঠিন্যৰ ঘৰুৱা প্ৰতিকাৰ হিচাপে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। মধুৰিআমে পেট পৰিস্কাৰ কৰি ৰখাত সহায় কৰে। ইফালে, উচ্চ আঁহ আৰু ভিটামিন চি থকা কমলা জাতীয় ফল খোৱাৰ ফলত অন্ত্ৰৰ চলাচল সহজ হয়। কিন্তু কেঁচা কল আৰু পকা মধুৰিআম ভুলতো নাখাব।

খুব ভাগৰ লাগিলে, দুৰ্বল অনুভৱ হ’লে খাব এই ফল

গ্লুজ'জ আৰু ভিটামিনসমৃদ্ধ আমে শৰীৰক শক্তি প্ৰদান কৰে। আনহাতে কলে তাৎক্ষণিক শক্তি প্ৰদান কৰে আৰু ভাগৰ উপশম কৰে। অৱশ্যে, যদি আপোনাৰ ডায়েবেটিচ আছে, এই ফলবোৰ খোৱা পৰিহাৰ কৰিব। আঙুৰ আৰু ডালিমে শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে। শৰীৰটো হাইড্ৰেটেড ৰাখিবলৈ আপুনি নাৰিকল পানীও খাব পাৰে।

ৰক্তহীনতাৰ বাবে ফল

আইৰণ আৰু ফলেটসমৃদ্ধ ডালিমে তেজ বৃদ্ধি কৰে। আপেল নিয়মীয়াকৈ খালেও তেজত হিমগ্লবিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। তদুপৰি, আঙুৰত আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি তেজ স্বাস্থ্যৱান ৰখাত সহায় কৰে। তেওঁলোকৰ সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু তেজৰ অভাৱৰ পৰা সকাহ দিয়ে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বীট ফল নহয়, পাচলি। তথাপিও শৰীৰত তেজ বৃদ্ধি কৰাত বীট অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়।

Also Read: কথাই প্ৰতি খং উঠে যদি সাৱধান হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin