Dailyhunt
এয়া ৰক্তহীনতাৰ লক্ষণ, শিশুক খাবলৈ দিয়ক এই ৫খাদ্য

এয়া ৰক্তহীনতাৰ লক্ষণ, শিশুক খাবলৈ দিয়ক এই ৫খাদ্য

ডিজিটেল ডেস্ক: শিশু এটা দুৰ্বল হোৱাৰ অন্যতম মূখ্য কাৰণ ৰক্তহীনতা। আহাৰত পুষ্টিৰ অভাৱৰ বাবে শিশুৰ ৰক্তহীনতা হ'ব পাৰে। ছাল হালধীয়া হোৱা, ভাগৰ অনুভৱ কৰাটো শিশুৰ ক্ষেত্ৰত ৰক্তহীনতাৰ লক্ষণ। এনে পৰিস্থিতিত, যদি আপুনি শিশুৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপুনি তেওঁলোকৰ আহাৰত আইৰণযুক্ত তথা কিছুমান বিশেষ পুষ্টিৰে পৰিপূৰ্ণ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। সেই খাদ্যসমূহ হৈছে-

বিলাহী

আপুনি চালাড বা তেওঁলোকৰ প্ৰিয় বিভিন্ন খাদ্যত বিলাহী দি শিশুসকলক খুৱাব পাৰে। ৰক্তহীনতা দূৰ কৰিবৰ বাবে শিশুটোৱে দৈনিক ১-২ টা বিলাহী খাব লাগিব। যদি আপুনি বিচাৰে শিশুটোক দৈনিক এগিলাচ বিলাহীৰ ৰসো খাবলৈ দিব পাৰে।বিলাহী ভিটামিন-চি আৰু লাইকোপেনেৰে সমৃদ্ধ।

ভিটামিন-চি-য়ে খাদ্যৰ পৰা আইৰণ শোষণ কৰাত সহায় কৰে।

ডালিম

ডালিমত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, চৰ্বি আৰু আঁহ থাকে। ইয়াত আইৰণ আৰু কেলচিয়ামৰ দৰে পুষ্টিও পোৱা যায়।যাৰ বাবে ডালিমক শিশুৰ ছুপাৰফুড হিচাপে গণ্য কৰা হয়। শিশুটোৰ শৰীৰত তেজৰ অভাৱ নহ'লেও আপুনি তেওঁলোকক দৈনিক ২০০ গ্ৰাম ডালিম খুৱাব পাৰে। পালেং শাক

আপুনি শিশুসকলক পালেং শাকৰ চুপ খাবলৈ দিব পাৰে।পালেঙত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। অথবা আপুনি এক গিলাচ পালেং শাকত দুই চাহ চামুচ মৌ মিহলাই প্ৰতিদিনে শিশুক দিব পাৰে।

বীটৰুট, আপেল

আপুনি আপোনাৰ শিশুটিক দৈনিক আপেল, বীটৰ ৰসৰ লগত মৌ মিহলি কৰি এক কাপ জোখত খাবলৈ দিব পাৰে। আপেলত আইৰণ যথেষ্ট পৰিমাণে থাকে, আনহাতে বীটৰুটত উচ্চ পৰিমাণৰ ফলিক এচিডৰ লগতে ফাইবাৰ আৰু পটাছিয়াম থাকে।

তিল

তিলে শিশুৰ ৰক্তহীনতা দূৰ কৰিব পাৰে। মুখ্যতঃ ক'লা তিল আইৰণৰ খুব ভাল উৎস।তিলৰ পেষ্ট কৰি তাৰ সৈতে মৌ মিহলি কৰি দিনত দুবাৰকৈ শিশুক খুৱাব পাৰে। ইয়াক আৰু অধিক সুস্বাদু আৰু পুষ্টিকৰ কৰি তুলিবলৈ আপুনি ইয়াত বাদাম, কাজু বাদাম আৰু কিচমিছৰ দৰে শুকান ফলো যোগ দিব পাৰে।

কিচমিচ

কিচমিছত প্ৰচুৰ পৰিমাণৰ কেলচিয়াম, পটাছিয়াম, ছডিয়াম, প্ৰ'টিন, আঁহ আৰু আইৰণ থাকে।১০০ গ্ৰাম কিচমিছৰ পৰা এটা শিশুৱে প্ৰায় ১.৮৮ মিগ্ৰা আইৰণ লাভ কৰিব পাৰে।সেয়েহে সন্তানক দৈনিক কিচমিচ খুৱাব লাগে। আপুনি তেওঁলোকৰ প্ৰিয় ব্যঞ্জনতো কিচমিচ দি ৰান্ধি খুৱাব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin