Dailyhunt
কুম্ভমেলাৰ অন্তিম স্নান কেতিয়া, শুভ সময় জানি লওঁক

কুম্ভমেলাৰ অন্তিম স্নান কেতিয়া, শুভ সময় জানি লওঁক

ডিজিটেল ডেস্ক: সমাপ্তিৰ দিশে মহা কুম্ভমেলা। যিমানেই দিন চমু চাপিছে, সিমানেই গংগাত স্নান কৰা ভক্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ধৰ্মীয় বিশ্বাস অনুসৰি, মহা কুম্ভমেলাৰ সময়ছোৱাত পৱিত্ৰ নদী বিশেষকৈ গংগাত স্নান কৰিলে ভক্তৰ পাপ খণ্ডন হয়। পিছে কুম্ভমেলাৰ অন্তিম স্নান আৰু স্নানৰ শুভ সময় কেতিয়া জানেনে ?

কুম্ভমেলাৰ অন্তিম স্নান

মহাশিৱৰাত্ৰিৰ পুৱাৰ সময়খিনি কুম্ভমেলাৰ অন্তিম স্নানৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হৈছে। এইবাৰ ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৫:০৯ বজাৰ পৰা পুৱা ৫:৫৯ বজালৈ অন্তিম স্নানৰ আটাইতকৈ শুভ সময়। তদুপৰি, দিনৰ ১২: ০৯ বজাৰ পৰা ১২:৫৯ বজা আৰু সন্ধিয়া ৬:১৬ বজাৰ পৰা ৬:৪২ বজালৈ স্নান কৰিলেও ভক্তই বিশেষ আৰ্শীবাদ লাভ কৰিব পাৰিব।

স্নানৰ নিয়ম আৰু ধৰ্মীয় বিশ্বাস

কুম্ভমেলাৰ সময়ত স্নান কৰাৰ কেতবোৰ নিৰ্দিষ্ট নিয়ম আছে। বিশ্বাস অনুসৰি, এই নিয়মবোৰ অনুসৰণ কৰিলে জীৱনলৈ শুভ দিনৰ আগমণ ঘটে আৰু সকলো পাপ দূৰ হয়। এই স্নানৰ সময়ত চাবোন আৰু ছেম্পু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

আনহাতে, স্নানৰ পিছত দান কৰিব লাগে। বিশেষকৈ, দৰিদ্ৰ লোকসকলক বা মন্দিৰত খাদ্য আৰু ধন দান দিব লাগে। বিশ্বাস কৰা হয় যে, কেৱল কুম্ভমেলাৰ সময়তে নহয়, আন সময়তো দান কৰিলে জীৱনত কেতিয়াও একোৰে অভাৱ নহয়। স্নানৰ পিছত চাকি জ্বলোৱাটোও অত্যন্ত শুভ। ই সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে।

Also Read: কুম্ভমেলাৰ গংগাৰ পানী স্নান কৰাৰ বাবে উপযোগী নহয়ঃ কেন্দ্ৰৰ প্ৰতিবেদনতে চাঞ্চল্যকৰ তথ্য...

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin