Dailyhunt
ক্ৰীম নহয়, ছালত ব্যৱহাৰ কৰক গ্লিচাৰিণ

ক্ৰীম নহয়, ছালত ব্যৱহাৰ কৰক গ্লিচাৰিণ

ডিজিটেল ডেস্ক: শীতকালটো কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও অতি প্ৰত্যাহ্বানজনক। এই সময়ছোৱাত ছাল শুকান হোৱা, ছাল ফটা তথা ছালৰ হাইড্ৰেচন হ্ৰাস হোৱাৰ লগতে বহুতো সমস্যাই দেখা দিয়ে। কিন্তু আপুনি গ্লিচাৰিনৰ জৰিয়তে ছালৰ এই সকলো সমস্যা দূৰ কৰিব পাৰে। গ্লিচাৰিন ব্যৱহাৰ কৰিলে ছালৰ আৰ্দ্ৰতাও বাহাল থাকে। গ্লিচাৰিনে শীতকালত আমাক কিদৰে সহায় কৰে, জানো আহক-

ফটা ওঁঠ

গ্লিচাৰিনৰ সহায়ত আপুনি ফটা ওঁঠৰ সমস্যা দূৰ কৰিব পাৰে।গ্লিচাৰিণ প্ৰয়োগ কৰিলে ওঁঠ কোমল হোৱাৰ লগতে ক'লাও দূৰ হয়।ইয়াৰ বাবে ওঁঠত গ্লিচাৰিন প্ৰয়োগ কৰি ১০ মিনিটৰ বাবে এৰি দিব। ইয়াৰ পিছত ওঁঠজুৰি কুহুমীয়া পানীৰে ধুব।এনে কৰিলে শীতকালত কেতিয়াও আপোনাৰ ওঁঠ ফাটিব নোৱাৰে।

এণ্টি এজিং

গ্লিচাৰিনৰ এণ্টি-এজিং গুণ আছে। ইয়াক মুখত ব্যৱহাৰ কৰিলে ছালখন সৰু দেখা যায়। যদি আপোনাৰ ছালত সূক্ষ্ম ৰেখা হোৱা আৰু ছাল কোঁচ খোৱাৰ দৰে বয়স বৃদ্ধিৰ লক্ষণ থাকে, তেন্তে আপুনি গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে। ই বৰ্ধিত বয়সৰ সৈতে হোৱা সমস্যাবোৰ আঁতৰ কৰে।

শালমইনা

গ্লিচাৰিনে মুখৰ শালমইনা দূৰ কৰাত সহায় কৰে। গ্লিচাৰিণ এক প্ৰকাৰৰ ময়েশ্চাৰাইজাৰ। ই ছালৰ জ্বলা-পোৰাৰ সমস্যাৰ পৰাও সুৰক্ষিত কৰাত সহায় কৰে। ইয়াৰ বাবে হালধিৰ গুৰি গ্লিচাৰিনত মিহলি কৰি সপ্তাহত ১ বা ২ বাৰ মুখত প্ৰয়োগ কৰিব।

শুকান ছাল

গ্লিচাৰিনৰ সহায়ত আপুনি শুকান ছালৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ছাল হাইড্ৰেট কৰিবলৈ ক্ৰীম বা লোচনত ২ টোপাল গ্লিচাৰিন মিহলি কৰি ছালত প্ৰয়োগ কৰিব। ই ছালৰ বাহিৰৰ স্তৰত হাইড্ৰেচন দিব আৰু ই কোমলও হৈ উঠিব।

খজুৱতি

গ্লিচাৰিনৰ সহায়ত আপুনি খজুৱতিৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰে। শীতকালত শুকান ছালত বাবে খজুৱতি হোৱাটো একেবাৰেই স্বাভাৱিক। এই ক্ষেত্ৰত গ্লিচাৰিনৰ ব্যৱহাৰ আপোনাৰ বাবে খুবেই লাভজনক। ইয়াৰ এণ্টিপাইৰোটিক গুণাগুণ আছে, যিয়ে খজুৱতিৰ পৰা সকাহ দিয়ে।

Also Read: মাহেকীয়াৰ কেইদিনত এইদৰে লওঁক ছালৰ যতন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin