Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মাছ-মাংস খোৱাতকৈ সদায় কেঁচা বুট খাওক

মাছ-মাংস খোৱাতকৈ সদায় কেঁচা বুট খাওক

ডিজিটেল ডেস্ক: আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে। কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে। হয়, ৰাতিপুৱা খালি পেটত তিয়াই খোৱা বুট বা কেঁচা বুট খাই আপুনি আপোনাৰ আয়ুস বৃদ্ধি কৰি পাৰে। তিয়াই থোৱা বুটেই নহয়, বুট তিয়াই থোৱা পানীখিনিও খুব স্বাস্থ্য উপকাৰী। বুট তিয়াই থোৱা পানীত মিচিৰি আৰু মৌ মিহলি কৰি খালে গৰমত পেট ঠাণ্ডা হৈ থকাৰ লগতে প্ৰস্ৰাৱৰ সকলো সমস্যা দূৰ হয়। তিয়াই থোৱা বুট হৈছে আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ'টিনৰ অতি ভাল উৎস, যিবোৰ পুষ্টি প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ। আজি তিয়াই থোৱা বুট খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

মেৰামতি কৰে পেশী

ব্যায়াম কৰাৰ আগতে প্ৰ'টিন গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ই পেশীৰ বিকাশ আৰু মেৰামতি কৰাত বহু পৰিমাণে সহায় কৰে। সেয়েহে, আপুনি ব্যায়াম কৰাৰ আগতে তিয়াই থোৱা বুট খাব পাৰে। কেঁচা বুট খালে পেশীবোৰ শক্তিশালী হয়। ই ব্যায়ামৰ সময়ত আঘাতৰ আশংকাও হ্ৰাস কৰে।

বৃদ্ধি কৰে শক্তিৰ স্তৰ

বুটমাহত আইৰণ থাকে, যিয়ে হিম'গ্ল'বিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আইৰণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে।সেয়েহে কঠোৰ শাৰিৰীক পৰিশ্ৰম কৰাৰ পূৰ্বে তিয়াই থোৱা বুট খোৱাটো উপকাৰী।

নিয়ন্ত্ৰণত ৰাখেৰক্ত শৰ্কৰা

তিয়াই থোৱা বুট খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। কেঁচা বুট আঁহ আৰু প্ৰ'টিনৰ দৰে পুষ্টিৰে সমৃদ্ধ হোৱাৰ বাবে ই ডায়েবেটিচ ৰোগৰ আশংকা প্ৰতিহত কৰে।

ৰক্ত কণিকা উৎপাদনত সহায়ক

তিয়াই থোৱা বুট খালে ই শৰীৰত ৰক্ত কোষ উৎপাদনত সহায় কৰিব পাৰে। কেঁচা বুটত থকা ভিটামিন বি কমপ্লেক্সে বিপাকীয় প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। ভিটামিন বি কমপ্লেক্স স্নায়ুতন্ত্ৰ সুস্থ ৰখাতো সহায়ক।

Also Read: তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin