Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মহিলাক পৰামৰ্শ দি আকৌ চৰ্চাত ঐশ্বৰ্য ৰায় বচ্চন

মহিলাক পৰামৰ্শ দি আকৌ চৰ্চাত ঐশ্বৰ্য ৰায় বচ্চন

ডিজিটেল ডেস্ক: ঐশ্বৰ্য ৰায় বচ্চন, সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে এইগৰাকী বলীউডী সুন্দৰী। বলীউডৰ চিনেমাত তেওঁক দীৰ্ঘদিন ধৰি দেখা নাপালেও, তেওঁৰ ব্যক্তিগত জীৱন, চিন্তাধাৰা আৰু জীৱন-দৰ্শনৰ প্ৰতি অনুৰাগীৰ আগ্ৰহ এতিয়াও অটুট থাকে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ঐশ্বৰ্য ৰায়ৰ এক মন্তব্য, য'ত তেওঁ বিবাহিত মহিলাসকলক এক বিশেষ পৰামৰ্শ আগবঢ়াইছে।

বিবাহিতা মহিলাৰ বাবে ঐশ্বৰ্যৰ জীৱন-পাঠ

ঐশ্বৰ্য ৰায়ে এবাৰ এক সাক্ষাৎকাৰত কৈছিল, 'মৌনতা এগৰাকী বিবাহিতা মহিলাৰ আটাইতকৈ ডাঙৰ শক্তি।'
তেওঁৰ মতে, বিবাহিত জীৱনত সকলো কথা জয়-পৰাজয় বা জেদৰ ওপৰত নিৰ্ভৰ নকৰে। কেতিয়াবা নীৰৱ হৈ থাকিও সম্পৰ্কত প্ৰেম, বিশ্বাস আৰু বুজাবুজিক বাঢ়িবলৈ সুযোগ দিব পাৰি।

এই দৃষ্টিভংগীয়ে নিশ্চিতভাৱে ঐশ্বৰ্যক কেৱল এগৰাকী সফল অভিনেত্ৰী নহয়, এগৰাকী পৰিপক্ব আৰু বুদ্ধিমান ব্যক্তিত্ব হিচাপেও চিনাকি কৰাই দিয়ে।

এই মন্তব্যটো আছিল ২০০৭ চনৰ, যেতিয়া ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ “কফী উইথ কৰণ”ত অংশ লৈছিল। শ্ব’টোত দুয়োজনে খোলামেলাকৈ তেওঁলোকৰ বিবাহ জীৱনৰ কথা আলোচনা কৰিছিল। ধেমালিৰে ভৰা মুহূৰ্তত অভিষেক বচ্চনে কৈছিল যে কাজিয়া হ’লে সাধাৰণতে তেওঁৱেই প্ৰথমে কথাবোৰ মিট-মাট কৰে। হাঁহি হাঁহি তেওঁ কয়, 'যি পুৰুষে বিয়া কৰিছে তেওঁ জানে, পত্নীয়ে কেতিয়াও প্ৰথমে ক্ষমা খুজিব নোৱাৰে। প্ৰত্যেক বিয়াত পত্নীয়েই সদায় সঠিক।'

স্বামীৰ এই মন্তব্যৰ পিছতে ঐশ্বৰ্য ৰায়ে অতি শান্ত আৰু পৰিমিত সঁহাৰি দিছিল। তেওঁ কৈছিল—'মৌনতা জেদী নহয়, ই সম্পৰ্কত প্ৰেমক ঠাই দিয়াৰ এক বুদ্ধিমান উপায়।'তেওঁৰ এই মন্তব্যই তৎকালীনভাৱে ব্যাপক প্ৰশংসা লাভ কৰিছিল আৰু আজিও বহু বিবাহিতা মহিলাৰ বাবে এক প্ৰেৰণাদায়ক পৰামৰ্শ হিচাপে গণ্য কৰা হয়।

উৰাবাতৰিৰ মাজতো নীৰৱতা

ইফালে, কিছুদিন ধৰি ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হৈ আহিছে। কিন্তু এই সকলো কথাত দুয়োজনে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে। তেওঁলোকৰ এই নীৰৱতাই যেন ঐশ্বৰ্যৰ সেই পুৰণি কথাকেই বাস্তৱ জীৱনত প্ৰতিফলিত কৰিছে। শেহতীয়াকৈ অৱশ্যে কন্যা আৰাধ্যাৰ বিদ্যালয়ৰ এক অনুষ্ঠান আৰু নৱবৰ্ষৰ ছুটীৰ সময়ত পৰিয়ালটোক একেলগে দেখা গৈছে।

ঐশ্বৰ্য ৰায় বচ্চন কেৱল তেওঁৰ সৌন্দৰ্য বা অভিনয়ৰ বাবেই নহয়, তেওঁৰ চিন্তাধাৰা, সংযম আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগীৰ বাবে আজিও প্ৰশংসিত। 'মৌনতাই শক্তি' বুলি কোৱা তেওঁৰ সেই একেটা বাক্যই বহু বিবাহিতা মহিলাৰ বাবে আজিও এক গভীৰ অৰ্থ বহন কৰি আছে। কেতিয়াবা শব্দতকৈ নীৰৱতাই অধিক শক্তিশালী। ঐশ্বৰ্য ৰায়ে এই কথাটো যেন নিজৰ জীৱনৰ জৰিয়তেই প্ৰমাণ কৰি গৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin