Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
Republic Day 2026: ৭৭ বছৰীয়া গণতন্ত্ৰৰ গৌৰৱ !

Republic Day 2026: ৭৭ বছৰীয়া গণতন্ত্ৰৰ গৌৰৱ !

ডিজিটেল ডেস্ক: ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱময় ইতিহাস উদযাপন কৰাৰ বাবে দেশজুৰি উৎসাহেৰে উদযাপিত হয় গণতন্ত্ৰ দিৱস। ২০২৬ চনৰ ২৬ জানুৱাৰীত ভাৰতে পালন কৰিব ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস। এই দিনটোত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল আৰু দেশখনে ১৯৫১ চনত প্ৰথম গণতন্ত্ৰ দিৱস উদযাপন কৰিছিল।

প্ৰতি বছৰৰ দৰে এইবছৰো নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজন কৰা হ'ব ঐতিহ্যবাহী আৰু আকৰ্ষণীয় গণতন্ত্ৰ দিৱস পেৰেড। এই বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় যুদ্ধ স্মৃতিসৌধত বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাব।

লাইভ পেৰেড কেতিয়া আৰু ক'ত চাব পাৰিব ?

যিসকলে ঘৰৰ পৰাই গণতন্ত্ৰ দিৱসৰ পেৰেড উপভোগ কৰিব বিচাৰে, তেওঁলোকে ২৬ জানুৱাৰীত তলত দিয়া মাধ্যমসমূহত লাইভ পেৰেড চাব পাৰিব—

  • দূৰদৰ্শন (Doordarshan) টিভি চেনেল

  • দূৰদৰ্শনৰ YouTube চেনেল

  • All India Radio (AIR)-ৰ YouTube চেনেল

  • চৰকাৰী ৱেবছাইটসমূহ

  • ভাৰতৰ সকলো মুখ্য সংবাদ চেনেলত লাইভ সম্প্ৰচাৰ

সময়, স্থান আৰু প্ৰৱেশৰ গুৰুত্বপূৰ্ণ তথ্য

  • পেৰেড আৰম্ভ হ’ব: পুৱা ৯:৩০ বজাৰ পৰা

  • লাইভ টেলিকাষ্ট আৰম্ভ: পুৱা ১০:৩০ বজাৰ পৰা

  • প্ৰৱেশদ্বাৰ খুলি দিয়া হ’ব: পুৱা ৭ বজাৰ পৰা

  • স্থান: কৰ্তব্য পথ, নতুন দিল্লী

টিকটৰ মূল্য

  • গণতন্ত্ৰ দিৱস পেৰেড টিকট: ₹২০ আৰু ₹১০০

  • Beating the Retreat পূৰ্ণ পোছাকৰ ৰিহাৰ্চেল: ₹২০

  • Beating the Retreat মূল অনুষ্ঠান: ₹১০০

টিকট ক’ৰ পৰা কিনিব ?

Rashtraparv ৱেবছাইট অনুসৰি, টিকট ক্ৰয় কৰিব পাৰিব—

  • Aamantran ৱেবছাইটৰ জৰিয়তে অথবা তলত উল্লেখ কৰা কাউণ্টাৰসমূহতো আপুনি টিকট লাভ কৰিব পাৰে।

    • Sena Bhawan

    • Shastri Bhawan

    • Jantar Mantar

    • Parliament House

    • Rajiv Chowk মেট্ৰ' ষ্টেচন

    • Kashmere Gate মেট্ৰ' ষ্টেচন

টিকট ক্ৰয়ৰ বাবে প্ৰয়োজনীয় পৰিচয় পত্ৰ —

  • আধাৰ কাৰ্ড

  • ভোটাৰ আই ডি

  • ড্ৰাইভিং লাইচেন্স

  • PAN কাৰ্ড

  • পাছপ'ৰ্ট

  • কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ জাৰি কৰা পৰিচয় পত্ৰ

এই বছৰৰ মুখ্য অতিথি

২০২৬ চনৰ গণতন্ত্ৰ দিৱসৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব—

  • Antonio Luís Santos da Costa, ইউৰোপীয় কাউন্সিলৰ সভাপতি

  • Ursula von der Leyen, ইউৰোপীয় কমিশনৰ সভাপতি

গণতন্ত্ৰ দিৱস কেৱল এটা উৎসৱ নহয়, ই ভাৰতীয় গণতন্ত্ৰ, সংবিধান আৰু ঐক্যৰ প্ৰতীক। নতুন দিল্লীত উপস্থিত থাকি বা ঘৰতে বহি লাইভ সম্প্ৰচাৰৰ জৰিয়তে এই ঐতিহাসিক পেৰেড উপভোগ কৰি দেশপ্ৰেমৰ এই বিশেষ দিনটো উদযাপন কৰক।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin