Dailyhunt
ভাইৰেল ভিডিঅ'য়ে কঁপাইছে সকলোৰে বুকু

ভাইৰেল ভিডিঅ'য়ে কঁপাইছে সকলোৰে বুকু

ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এক ভিডিঅ'ই এতিয়া সকলোৰে বুকু কঁপাই তুলিছে। এই ভিডিঅ'টো এক ভয়াৱহ দুৰ্ঘটনাৰ। চি চি কেমেৰাত এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে। এই দুৰ্ঘটনাটোত গাড়ী চালকজনৰ থিতাতে মৃত্যু হয়।

ভিডিঅ'টোত দেখা গৈছে যে, মৰিছ গেৰেজ উইণ্ডছৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন গাড়ী, এখন অট' ৰিক্সাকে ধৰি মুঠ ১০ খন বাহনত খুন্দা মাৰি লুটি বাগৰ খাই পৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, লুটি খাই পৰি গাড়ীখন প্ৰায় আধা জ্বলি গৈছিল।

এই শোকাৱহ ঘটনা আৰু কিয় এই ঘটনা সংঘটিত হ'ল, সেয়া জানিলে আপোনাৰো হয়তো চকু সেমেকি উঠিব। হয়, গাড়ী চলাই থাকোতে চালকজনৰ 'হাৰ্ট এটেক' হোৱাৰ ফলতেই এই ভয়াৱহ ঘটনাটো সংঘটিত হয়।

চালকজনৰ মৰণোত্তৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে। ঘটনাটো মহাৰাষ্ট্ৰৰ কোলহাপুৰত সংঘটিত হৈছে। চালকজনৰ নাম ধীৰাজ পাটেল। এই ভাইৰেল ভিডিঅ'টো দেখি বিভিন্নজনে ছচিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ঘটিছিল আন এক শোকাৱহ ঘটনা

কেইদিনমান পূৰ্বেও এইধৰণৰ আন এক ঘটনা সংঘটিত হৈছিল। সদ্য সমাপ্ত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেল চাই থাকোতে উত্তৰ প্ৰদেশৰ দেওৰীয়াৰ ১৪ বছৰীয়া প্ৰিয়ঞ্চী নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিল। এই খেলখনত বিৰাট কোহলী 'আউট' হোৱা দেখি ছাত্ৰীগৰাকী মূৰ্ছা গৈছিল। লগে লগে তাইক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তাইক মৃত ঘোষণা কৰিছিল। 'হাৰ্ট এটেক'ৰ ফলতেই প্ৰিয়াঞ্চীয়ে অকাল মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল। ১৪ বছৰীয়া ছাত্ৰীগৰাকীৰ এই আকস্মিক মৃত্যুয়েও সকলোৰে মনত দুখ দিছিল।

Also Read: বিনামূলীয়া স্বাস্থ্য শিৱিৰত ঘটিল অঘটন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin