Dailyhunt
নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে জানেনে ?

নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: শীতকালত বতৰটো শুকান হোৱাৰ ফলত আমাৰ ছালখনো শুকান হৈ পৰে। ছালখন শুকান হৈ পৰিলে খজুৱতিৰ সমস্যা হোৱাটো একেবাৰেই স্বাভাৱিক হৈ পৰে। খৰ-খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বিভিন্ন ঔষধ ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে।যদি আপুনিও ঔষধ ব্যৱহাৰ কৰি খৰ-খজুৱতিৰ পৰা সকাহ পোৱা নাই, তেন্তে আপুনি অতি সহজলভ্য নাৰ্জী ফুল ব্যৱহাৰ কৰিব পাৰে। হয়, পূজা, গৃহসজ্জাৰ লগতে ঔষধৰো কাম কৰে নাৰ্জী ফুলে। ইয়াত থকা ঔষধি গুণবোৰে ছালৰ এলাৰ্জিৰ পৰা সকাহ দিয়ে।

খৰ হৈছে এক সংক্ৰমণ, যি শৰীৰৰ বিভিন্ন অংশত হ'ব পাৰে। খৰ হ'লে শৰীৰত ৰঙা ঘূৰণীয়া চিহ্ন দেখা যায়। যি দ্ৰুতগতিত বৃদ্ধি হৈ গৈ থাকে। নাৰ্জী ফুলত থকা এণ্টি-এলাৰ্জিক আৰু এণ্টি-ফাংগাল গুণাগুণে খৰ আৰু খজুৱতিৰ দৰে সমস্যাৰ পৰা সম্পূৰ্ণৰূপে সকাহ দিয়ে।

খৰ-খজুৱতিত কিদৰে ব্যৱহাৰ কৰিব নাৰ্জী ফুল ?

প্ৰথমে, নাৰ্জী ফুলৰ পাতবোৰ ছিঙি লৈ ভালদৰে ধুই ল'ব। ইয়াৰ পিছত এটা পাত্ৰত পানী আৰু নাৰ্জী ফুলৰ পাতখিনি দি গেছত অলপ সময় উতলাই ল'ব। পানীখিনি ঠাণ্ডা হ’লে খজুৱতি হোৱা ঠাইত প্ৰয়োগ কৰিব। অলপ সময় থকাৰ পাছত এই ঔষধ লগোৱা ছালখন ভালদৰে পৰিস্কাৰ কৰিব।তদুপৰি, পানীত উতলা নাৰ্জী ফুলৰ পাতখিনি আপুনি মিক্সাৰত পিছি এটা পেষ্ট তৈয়াৰ কৰি ল’বও পাৰে।এই পেষ্টটো আপুনি খৰ-খজুৱতি হোৱা ঠাইত দিনত এবাৰকৈ লগাব পাৰে।এই প্ৰতিকাৰৰ দ্বাৰা আপুনি এক সপ্তাহৰ ভিতৰতে খৰ-খজুৱতিৰ পৰা সম্পূৰ্ণ ভাৱে পৰিত্ৰাণ পাব পাৰে।

Also Read: ছাইনাছৰ পৰা নিমিষতে সকাহ পাবলৈ এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin