Dailyhunt
খুবেই আকৰ্ষণীয় এই বাহনৰ ইণ্টিৰিয়েৰ, ডিজাইন তথা ৰঙৰ বিকল্প

খুবেই আকৰ্ষণীয় এই বাহনৰ ইণ্টিৰিয়েৰ, ডিজাইন তথা ৰঙৰ বিকল্প

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ অনুমোদিত ডিলাৰ ওজা হুণ্ডাইয়ে আজি হুণ্ডাইৰ শেহতীয়া কমপেক্ট এছইউভি 'অল-নিউ হুণ্ডাই ভেন্যু' মুকলি কৰে। বাহনখনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অভিনেতা কপিল বৰা, প্ৰাক্তন সাংসদ কুইন ওজা, পৰিচালন সঞ্চালক ৰাজদীপ ওজা, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ৰ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ দীপক বানছাল তথা জ্যেষ্ঠ পৰিচালক নীলিময় নাথ।

খুবেই আকৰ্ষণীয় এইখন বাহন

নতুন হুণ্ডাই ভেন্যুৰ ডিজাইন খুবেই আকৰ্ষণীয়। শক্তিশালী SUV স্থিতিৰ সৈতে বডিটো উচ্চ আৰু যথেষ্ট বহল। এই বাহনখনত আছে কুৱাড বিম এলইডি হেডলাইট, টুইন হৰ্ণ এলইডি ডিআৰএল আৰু হ'ৰাইজন এলইডি লাইট।

গাঢ় ক্ৰোম ৰেডিয়েটৰ গ্ৰিল আৰু আৰ১৬ ডায়মণ্ড-কাট এলইউ হুইলছ। ষ্টাইলিছ ব্ৰিজ-টাইপ ৰোফ ৰেইলচ্ আৰু ইন-গ্লাছ ভেন্যু' এম্বেল।

বাহনখনৰ জোখ

দৈৰ্ঘ্য - ৩৯৯৫ মিমি

প্ৰস্থ - ১৮০০মিমি

উচ্চতা- ১৬৬৫ মিমি

হুইলবেছ - ২৫২০মিমি

যিয়ে অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰাম প্ৰদান কৰি চহৰাঞ্চলৰ গতিশীলতাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।

প্ৰিমিয়াম ইণ্টিৰিয়েৰ

এই বাহনখনে ভিতৰৰ অংশত ডাবল-ট’ন (ডাৰ্ক নেভি এণ্ড ড'ভ গ্ৰে) কেবিন আগবঢ়ায়। ইয়াৰ প্ৰিমিয়াম স্পৰ্শ যেনে টেৰাজো-টেক্সচার্ড ক্ৰ্যাশ পেড, এম্বিটেণ্ট লাইটিং আৰু ডি-কাট ষ্টিয়াৰ হুইল। এই এছইউভিত ৬২.৫ চেণ্টিমিটাৰ (১২.৩” +১২.৩” ) বক্ৰ পেনেৰামিক ডিচপ্লে আছে, যিয়ে হাই-টেক অভিজ্ঞতাৰ বাবে তথ্য বিনোদন আৰু ডিজিটেল ক্লাষ্টাৰ স্ক্ৰীণ সংমিশ্ৰণ কৰে।

জানি লওঁক ৰঙৰ বিকল্প

এই বাহনখন হেজেল ব্লু (নতুন), মিষ্টিক ছেফায়াৰ (নতুন), এটলছ হোৱাইট, টাইটান গ্ৰে, ড্ৰাগন ৰেড আৰু অবিছ ব্লেক ৰঙত উপলব্ধ।

গ্ৰাহকসকলে এতিয়া সমগ্ৰ ভাৰতৰ যিকোনো হুণ্ডাই ডিলাৰশ্বিপত বা অনলাইনযোগে “Click to Buy” প্লেটফৰ্মৰ জৰিয়তে ২৫,০০০ টকাৰ প্ৰাৰম্ভিক বুকিংৰ সৈতে সম্পূৰ্ণ নতুন হুণ্ডাই ভেন্যু বুক কৰিব পাৰিব। গাড়ীখনৰ মূল্য ৭.৯০ লাখৰ পৰা আৰম্ভ হৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin