ডিজিটেল ডেস্ক: বহু অপেক্ষাৰ অন্তত অৱশেষত আহিল সেই সুখবৰটো ! হয়, অতি শীঘ্ৰেই নিৰ্মাণ হ'ব ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু ব্লকবাষ্টাৰ ছবি 'থ্ৰী ইডিয়টছ(3 Idiots)ৰ ছিকুৱেল। এই বিষয়ে নিশ্চিত কৰিলে বলীউডৰ 'মিষ্টাৰ পাৰফেকচনিষ্ট' আমিৰ খানে। এই খবৰ ৰাজহুৱা হোৱাৰ পিছতেই অনুৰাগীৰ মাজত উৎসাহ দুগুণে বৃদ্ধি হৈছে।
শেহতীয়া এক সাক্ষাৎকাৰত আমিৰ খানে জনায় যে ছবিখনৰ পৰিচালক ৰাজকুমাৰ হিৰানী আৰু খ্যাতনামা চিত্ৰনাট্যকাৰ অভিজিত যোশীয়ে ইতিমধ্যে 'থ্ৰী ইডিয়টছ ২'ৰ কাহিনী আৰু চিত্ৰনাট্যৰ কাম আৰম্ভ কৰিছে। তেওঁ লগতে কয়, 'ৰাজু বৰ্তমান 'থ্ৰী ইডিয়টছ ২'ৰ কামত ব্যস্ত। মই কাহিনীটো শুনিছো আৰু সঁচাকৈয়ে এয়া অসাধাৰণ।
মোৰ বিশ্বাস, প্ৰথমখন ছবিৰ দৰেই এই ছিকুৱেলেও দৰ্শকৰ হৃদয় জয় কৰিব।'
উল্লেখযোগ্য যে, ২০০৯ চনত মুক্তি পোৱা ‘থ্ৰী ইডিয়টছ’ কেৱল বক্স অফিচত সফল হোৱা ছবিয়েই নহয়, ছবিখনৰ সফলতাই ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। শিক্ষাব্যৱস্থাৰ সন্দৰ্ভত তীক্ষ্ণ ব্যঙ্গ, বন্ধুত্ব, জীৱনৰ লক্ষ্য আৰু সমাজৰ মানসিকতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ অত্যন্ত মনোৰঞ্জনমূলকভাৱে উপস্থাপন কৰিছিল ছবিখনে। ছবিখনৰ বহু সংলাপ আৰু দৃশ্য আজিও দৰ্শকৰ মনত অম্লান হৈ আছে।
ছবিখনত আমিৰ খানৰ লগতে আৰ মাধবন, শ্বৰমান যোশী, বুমন ইৰাণী আৰু কৰীণা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। বিশেষকৈ ‘ৰেঞ্চো’, ‘ফাৰহান’ আৰু ‘ৰাজু’ৰ বন্ধুত্বৰ কাহিনীয়ে লাখ লাখ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল।
ছিকুৱেলত থাকিবনে পূৰ্বৰ চৰিত্ৰ ?
এতিয়া সকলোৰে মনত একেটাই প্ৰশ্ন — ‘থ্ৰী ইডিয়টছ ২’ত পুনৰ আগৰ তাৰকাসকলক দেখা যাবনে? যদিও এই বিষয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই, তথাপিও অনুৰাগীয়ে আশা কৰিছে যে আগৰ জনপ্ৰিয় চৰিত্ৰসমূহ এই ছিকুৱেল ছবিখনতো দৰ্শকে দেখিবলৈ পাব।

