Dailyhunt
সাৱধান হওঁক ! এই ৫টা কাৰণতে হয় হৃদযন্ত্ৰৰ ৰোগ

সাৱধান হওঁক ! এই ৫টা কাৰণতে হয় হৃদযন্ত্ৰৰ ৰোগ

ডিজিটেল ডেস্ক: সম্প্ৰতি যুৱচামৰ মাজত হৃদযন্ত্ৰৰ ৰোগৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি হৈছে। এই ৰোগত আক্ৰান্ত হৈ বহুতেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কম বয়সতে হৃদৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত অৱশ্যে বহু কাৰণ আছে। শেহতীয়াকৈ আমেৰিকান বিজ্ঞানী ডেনিয়েল বেলাৰ্ডোৰ গৱেষণাত প্ৰমাণ হৈছে যে ৪৫তকৈ কম বয়সৰ লোক এই ৰোগত বৈছিকৈ আক্ৰান্ত হৈছে আৰু ইয়াৰ কাৰণ হৈছে জীৱনশৈলী।

হৃদযন্ত্ৰৰ স্বাস্থ্য অৱনতি ঘটাৰ ৫টা কাৰণ

উদ্ভিদ ভিত্তিক খাদ্যৰ পৰা দূৰত্ব

যুৱক-যুৱতীসকলে আজিকালি পুষ্টিকৰ খাদ্য আৰু ফল-মূল কমকৈ খায়। অধিকাংশই প্ৰচেছড তথা ফাষ্ট ফুডৰ ওপৰতে নিৰ্ভৰশীল। অস্বাস্থ্যকৰ খাদ্যৰ ফলতেই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ট্ৰেণ্ডিং ডায়েট

আজিকালি যুৱক-যুৱতীসকলে অতি সোনকালে নতুন খাদ্যাভ্যাস গ্ৰহণ কৰে। ইণ্টাৰনেটত ভাইৰেল হোৱা খাদ্যসমূহ প্ৰকৃততে স্বাস্থ্যকৰ নহয়। Gen Z ৰ ওপৰত কৰা এক সমীক্ষাত দেখা গৈছে যে ৮৭% যুৱক-যুৱতীয়েই এই খাদ্য গ্ৰহণ কৰে। এনে খাদ্যত উচ্চ পৰিমাণৰ সংপৃক্ত চৰ্বি থাকে।

শিশুৰ মেদবহুলতা

সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মেদবহুলতাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। অতিৰিক্ত ওজন হোৱাটোও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল নহয়। বয়সৰ বাবে অতিৰিক্ত ওজন থকা শিশুৰ ক্ষেত্ৰত শৈশৱৰ পৰাই হৃদৰোগৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

শৰীৰত আঁহৰ অভাৱ

বহু পুষ্টিবিদে প্ৰকাশ কৰা মতে, এই বয়সৰ লোকে খোৱা খাদ্যত পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ বা আঁহ নাথাকে। আঁহ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য। গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যত ফাইবাৰ অন্তৰ্ভুক্ত কৰা লোকৰ হৃদৰোগৰ সম্ভাৱনা ২৩% হ্ৰাস পায়।

প্ৰচেছড ফুডত নিৰ্ভৰশীলতা

জাংক ফুড আৰু প্ৰচেছড ফুড অত্যধিক গ্ৰহণ , শাৰীৰিক ক্ৰিয়া-কলাপ কম আৰু টোপনিৰ অভাৱতো হৃদৰোগ হ’ব পাৰে। প্ৰতিবেদনত দেখা গৈছে যে যুৱক-যুৱতীসকলৰ মাজত ফিটনেছৰ অভাৱ আৰু ভাৰসাম্যহীন খাদ্যাভ্যাসে শৰীৰত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত হৃদৰোগ হয়।

Also Read: আজিৰ পৰাই সাৱধান হওঁক এইসকল লোক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin