Dailyhunt
পাকঘৰৰ পৰা বাহিৰ কৰক 'নন-ষ্টিক' বাচন

পাকঘৰৰ পৰা বাহিৰ কৰক 'নন-ষ্টিক' বাচন

ডিজিটেল ডেস্ক: আজিকালি ভাৰতীয় পাকঘৰবোৰত ৰন্ধন পদ্ধতি বহুত সলনি হৈছে। এটা সময় আছিল, যেতিয়া মানুহে লো আৰু মাটিৰ বাচন-বৰ্তনত ৰান্ধিছিল। এতিয়া সেইবোৰ বাচন কোনেও ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ নকৰে।অধিকাংশ লোকেই আজিকালি নন-ষ্টিক বাচনত ৰান্ধে।কিয়নো এনে বাচনত খাদ্য কম তেলত সহজে ৰান্ধিব পাৰি।কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে নন-ষ্টিক বাচনত ৰন্ধা খাদ্য খোৱা আৰু বিহ খোৱা একেই।হয়, এনে বাচনত ৰান্ধিলে ই যথেষ্ট মাইক্ৰ'প্লাষ্টিক মুকলি কৰে, যিয়ে আপোনাৰ খাদ্যক বিষাক্ত কৰাত অৰিহনা যোগায়। নন-ষ্টিক বাচনত ৰন্ধা খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ কিদৰে ক্ষতি হয়, আজি সেই বিষয়ে জানো আহক-

আইৰণৰ অভাৱ

শৰীৰত বিভিন্ন প্ৰকাৰৰ পুষ্টিৰ অভাৱ থাকে, যাৰ ফলত শৰীৰত আইৰণৰ অভাৱ হয় আৰু ৰক্তহীনতাৰ দৰে বহুতো স্বাস্থ্য সমস্যাৰ আশংকা বৃদ্ধি হয়।

কৰ্কট ৰোগ

এনে বাচনত ৰন্ধা খাদ্য খোৱাৰ ফলত আপুনি কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰ চিকাৰো হ'ব পাৰে। একাংশ আমেৰিকান গৱেষকে প্ৰকাশ কৰে যে, নন-ষ্টিক বাচনত ৰন্ধা খাদ্য খোৱাটোয়ে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ আশংকা এশ শতাংশই বৃদ্ধি কৰে।

বন্ধ্যাত্ব

বিশেষজ্ঞসকলৰ মতে, নন-ষ্টিক বাচনত পলিটেট্ৰা ফ্লুৰোয়েথিলিন নামৰ সংশ্লেষিত পলিমাৰ থাকে। যেতিয়া আপুনি উচ্চ জুইত খাদ্য ৰান্ধে, টেফলনৰ পৰা মুকলি হোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ আমাৰ খাদ্যত মিহলি হয়, যাৰ ফলত বন্ধ্যাত্ব আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা থাকে।

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল

আজিকালি প্ৰতিটো পাকঘৰতে নন-ষ্টিক বাচনৰ ব্যৱহাৰ কৰা হয়। এনে বাচনত ৰন্ধা খাদ্য খোৱাটোয়ে পাচন তন্ত্ৰকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে, যাৰ ফলত পেটৰ সমস্যাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়।

সেয়েহে, বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰণ কৰি নন-ষ্টিক বাচনত ৰন্ধা-বঢ়া আজিৰে পৰাই বন্ধ কৰক। আপোনাৰ এই পদক্ষেপে পৰিয়ালটোক ভয়াৱহ ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব।

Also Read: নতুন পাকঘৰ বনাওঁতে এইসমূহ বাস্তু নিয়ম মানি চলিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin