Dailyhunt
আজিৰে পৰাই এইসমূহ খাদ্য খাবলৈ আৰম্ভ কৰক

আজিৰে পৰাই এইসমূহ খাদ্য খাবলৈ আৰম্ভ কৰক

ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাই ধুনীয়া আৰু দেখাত সৰু হৈ থাকিবলৈ বিচাৰে।কিন্তু ছালত বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত ছালখন বেয়া হৈ খুব সোনকালে বয়সীয়াল দেখা যায়।এই চাপ দূৰ কৰিবলৈও বহুতে আকৌ বহু নামী-দামী ফেচিয়েল তথা আন বহুত চিকিৎসা কৰে। কিন্তু এইসমূহৰ সলনি আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন তথা খাদ্য তালিকাত কেতবোৰ বিশেষ খাদ্য অন্তৰ্ভূক্ত কৰিয়েই ছালত বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰে। কি খাদ্য গ্ৰহণ কৰি আপুনি আপোনাৰ ছালখন সতেজ তথা কম বয়সীয়া কৰি ৰাখিব পাৰে, আজি জানো আহক-

মিঠা আলু

মিঠা আলুক অত্যন্ত পুষ্টি সমৃদ্ধ বুলি গণ্য কৰা হয়। ই মুখৰ সূক্ষ্ম ৰেখা আৰু কোঁচ আঁতৰ কৰাত সহায় কৰে। মিঠা আলু খালে কোলাজেন বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয়।

সেউজীয়া শাক পাচলি

সেউজীয়া শাক-পাচলিৰ বয়স-প্ৰতিৰোধী গুণাগুণ আছে। ইয়াত অতি উচ্চ মানত ভিটামিন আৰু আঁহ থাকে। এই পুষ্টিবোৰ দৈনিক গ্ৰহণ কৰিলে ছাল উজ্জ্বল হৈ উঠে।

বিলাহী

এণ্টি-এজিং খাদ্যৰ ভিতৰত বিলাহী অন্যতম। বিলাহীত পোৱা লাইকোপেন নামৰ পুষ্টিয়ে ছাল টান কৰাত সহায় কৰে আৰু ছালক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। বিলাহীতো ভিটামিন চি পোৱা যায়, যিয়ে ছালত কোলাজেন নিৰ্মাণত সহায় কৰে।

ডালিম

ডালিম কেৱল শৰীৰৰ বাবেই নহয়, ছালৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ডালিম খালে ছালৰ সূক্ষ্ম ৰেখা আৰু কোঁচ দূৰ হয়। ইয়াক নিয়মীয়াকৈ আহাৰত অন্তৰ্ভুক্ত কৰি আপুনি ছাল টান কৰিব পাৰে।

কণী -মাছ

যদি আপুনি আমিষভোজী, তেন্তে আপুনি আপোনাৰ আহাৰত কণী আৰু মাছ অন্তৰ্ভুক্ত কৰিব পাৰে। এই দুয়োটা বস্তুৰ এণ্টি-এজিং গুণ আছে, যিয়ে ছালক বয়স বৃদ্ধিৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

গ্ৰীণ টি

গ্ৰীণ টি কেৱল ওজন হ্ৰাসৰ বাবেই নহয়, ছালৰ বাবেও খুব উপকাৰী। গ্ৰীণ টি নিয়মীয়াকৈ খালে ছালৰ কোষবোৰ স্বাস্থ্যৱান হয়। ইয়াৰ বাহিৰেও ই ছালৰ উজ্জ্বলতা আৰু আৰ্দ্ৰতা দুয়োটা বজাই ৰখাত ই যথেষ্ট পৰিমাণে সহায় কৰে।

Also Read: এই ৫টা উপায়ৰে ঘৰতে উজ্জ্বল কৰক ৰুক্ষ ছাল

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin