Dailyhunt
ফিটকিৰিৰ চমৎকাৰী গুণাগুণ জানি আপুনি আচৰিত হোৱাটো নিশ্চিত

ফিটকিৰিৰ চমৎকাৰী গুণাগুণ জানি আপুনি আচৰিত হোৱাটো নিশ্চিত

ডিজিটেল ডেস্ক: ফিটকিৰি হৈছে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এক প্ৰকাৰ নিমখ। ফিটকিৰিৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিসমূহৰ বিষয়ে আয়ুৰ্বেদতো উল্লেখ কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ সৈতে যুঁজিবলৈ ফিটকিৰি ব্যৱহাৰ কৰা হয়। অতি সস্তাতে উপলব্ধ বহুগুণ সম্পন্ন ফিটকিৰিৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

উজ্জ্বল কৰে ছাল

ফিটকিৰিয়ে ৰক্তক্ষৰণ প্ৰতিহত কৰাত সহায় কৰে। ই ছালখনক আৰোগ্য কৰাত সহায় কৰাৰ লগতে মুখমণ্ডললৈ এক প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে।ই বয়সৰ চাপ নপৰাকৈ ছালখনক টান কৰি ৰাখে।

দূৰ কৰে উশাহৰ দুৰ্গন্ধ

মুখৰ দুৰ্গন্ধ দুৰ কৰিবৰ বাবে ফিটকিৰি অতি উত্তম। এগিলাচ গৰম পানীত এক গ্ৰাম ফিটকিৰি আৰু অকনমান নিমখ মিহলি কৰি এটা ভাল মিশ্ৰণ প্ৰস্তুত কৰি লওঁক।ইয়াৰ পিছত এই মিশ্ৰণৰে মুখখন ধুই পেলাওক।এনে কৰিলে মুখৰ দূৰ্গন্ধ দীৰ্ঘসময়ৰ বাবে দুৰ হয়।

প্ৰতিৰোধ কৰে দাঁতৰ ক্ষয়

দাঁতৰ বিভিন্ন সমস্যা যেনে ৰক্তক্ষৰণ, দুৰ্বল দাঁত আৰু দাঁতৰ ক্ষয়ৰ পৰা সোনকালে সকাহ পাবলৈ ফিটকিৰি হৈছে অতি সহজ উপায়।এক গ্ৰাম ফিটকিৰি, অকনমান ডালচেনিৰ গুৰি আৰু অলপ শিলনিম মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লওঁক।ইয়াৰ সৈতে দাঁতৰ আলুবোৰ লাহে লাহে মালিচ কৰিলে সকলো সমস্যাৰ পৰা অতি সোনকালেই সকাহ পাব পাৰি।

বন্ধ কৰে নাকৰ ৰক্তক্ষৰণ

নাকৰ ৰক্তক্ষৰণৰ সমস্যাই সময়ে সময়ে বহুতকে জ্বলা-কলা খুৱায়।এটুকুৰা কপাহ ঠাণ্ডা পানীত তিয়াই তাৰ ওপৰত এক গ্ৰাম ফিটকিৰি ছটিয়াই নাকৰ পৰা ৰক্তক্ষৰণ হোৱা ঠাইত লগাব।ই অতি সোনকালেই নাকৰ পৰা ৰক্তক্ষৰণৰ সমস্যা নাইকিয়া কৰিব।

খোৱা পানী পৰিস্কাৰক

খোৱা পানী পৰিষ্কাৰ কৰি ৰখাৰ আটাইতকৈ প্ৰাচীন উপায়বোৰৰ ভিতৰত ফিটকিৰি অন্যতম। খোৱা পানীত অকনমান ফিটকিৰি দিলে কঠিন অশুদ্ধি আঁতৰ হয়। ইয়াৰ পিছত সেই পানী উতলাই খাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

বি.দ্ৰ: এই তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে।

Also Read: 14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin