Dailyhunt
পানী ভৰ্তি বাল্টিত সোমাই প্ৰাণ গ'ল ডেৰ বছৰীয়া শিশুৰ

পানী ভৰ্তি বাল্টিত সোমাই প্ৰাণ গ'ল ডেৰ বছৰীয়া শিশুৰ

ডিজিটেল ডেস্ক: এক হৃদয় বিদাৰক ঘটনা ! পানী ভৰ্তি বাল্টিত ডুবি এটি শিশুয়ে অকালতে প্ৰাণ হেৰুৱালে। মাতৃৰ সন্মুখতে খেলি থকা শিশুটোয়ে এইদৰে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে।

ছোয়েইব নামৰ এই ডেৰ বছৰীয়া শিশুটোয়ে মঙলবাৰে দুপৰীয়া মাতৃৰ সৈতে চোতালত খেলি আছিল। এইদৰে খেলি থকাৰ মাজতে মাতৃগৰাকী মাত্ৰ অলপ সময়ৰ বাবে আন কামত ব্যস্ত হৈ পৰাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। মাতৃয়ে যেতিয়া দেখে, তেতিয়া সন্তানটো পানী ভৰ্তি এটা বাল্টিত তলমূৰলৈ সোমাই আছে। দিক-বিদিক হেৰুৱাই মাতৃয়ে সন্তানটোক বাল্টিৰ পৰা উঠাই স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছোয়েইবক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাটো উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ কোতৱালি ছাছনি অঞ্চলৰ গডুৱা গাঁৱত সংঘটিত হৈছে।

একমাত্ৰ পুত্ৰক হেৰুৱাই পিতৃ-মাতৃ, পৰিয়ালৰ লগতে স্থানীয় সকলো এতিয়া শোকত ম্রিয়মাণ। চিকিৎসালয়ৰ পৰা শিশুটিৰ মৃতদেহ ঘৰলৈ অনাত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে, ছোয়েইবৰ পিতৃ শ্বাহৰুখে খুব কষ্ট কৰি নিজৰ সৰু পৰিয়ালটোক পোহ-পাল দি আছিল। তেওঁলোকৰ সুখত হয়তো কাৰোৱাৰ নজৰ লাগিল ! ন'হলেনো হাঁহি-মাতি থকা পৰিয়ালটো ক্ষন্তেকতে এইদৰে বিধস্ত হয়নে ?

ইফালে, এই ঘটনাটো ভাইৰেল হোৱাৰ পাছতে বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে মাতৃগৰাকীক দোষাৰোপ কৰি মন্তব্য কৰিছে। সকলোয়েই এই ঘটনাটোত তীব্ৰ শোক প্ৰকাশ কৰি পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে।

Also Read: সাৱধান ! এচিৰ পৰা ওলায়েই ৰ'দলৈ নাযাব...

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin