Dailyhunt
Protein Diet: কণীতকৈ অধিক প্ৰ'টিন থাকে এই ৫ খাদ্যত

Protein Diet: কণীতকৈ অধিক প্ৰ'টিন থাকে এই ৫ খাদ্যত

ডিজিটেল ডেস্ক: বহুলোকে বিশ্বাস কৰে যে শৰীৰচৰ্চা কৰা লোকৰ বাবেহে প্ৰ'টিন দৰকাৰী। কিন্তু প্ৰকৃততে স্বাস্থ্যৱান জীৱন-যাপন কৰিবৰ বাবে আমাৰ সকলোকে প্ৰ'টিনৰ প্ৰয়োজন। তদুপৰি প্ৰ'টিন বুলি ক'লে আমিষ খাদ্যৰ কথায়েই প্ৰথমে মনলৈ আহে। মাছ, মাংস,কণী আদিতেই প্ৰ'টিন থাকে বুলি থকা ধাৰণাটো প্ৰকৃততে একেবাৰেই ভুল। বজাৰত সহজে বিচাৰি পোৱা, সস্তা আৰু নিৰামিষ খাদ্যতো উচ্চ পৰিমাণৰ প্ৰ'টিন থাকে। প্ৰ'টিন জাতীয় এনে খাদ্য সমূহ হৈছে-

ছ'য়াবিন

ছ'য়াবিন নিৰামিষ ভোজীসকলৰ বাবে প্ৰ'টিনৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয়।ছ'য়াবিন সস্তা আৰু বজাৰত সহজে উপলব্ধ।ছ'য়াবিনৰ আটাইতকৈ ভাল গুণ এয়ে যে ইয়াক কম পৰিমাণে গ্ৰহণ কৰিলেই শৰীৰে উচ্চ পৰিমাণৰ প্ৰ'টিন লাভ কৰে।১০০ গ্ৰাম ছ'য়াবিনত ৫২ গ্ৰাম প্ৰ'টিন থাকে।

ৰঙালাওৰ গুটি

ৰঙালাওৰ গুটিক উচ্চ প্ৰ'টিনযুক্ত খাদ্য হিচাপে গণ্য কৰিব পাৰি। ইয়াত প্ৰ'টিন, অসংপৃক্ত চৰ্বি আৰু অ’মেগা ৬ ফেটি এচিড থাকে। এইবোৰ আহাৰৰ আঁহ আৰু এণ্টিঅক্সিডেণ্টত সমৃদ্ধ। ১০০ গ্ৰাম ৰঙালাওৰ বীজত ৩২ গ্ৰাম প্ৰ'টিন থাকে।

ওটছ

ওটছ হৈছে বৰ্তমানৰ ‘ট্ৰেণ্ডিং’ খাদ্য সামগ্ৰী যাক ভাৰতৰ সকলো ঠাইতে জলপান হিচাপে খোৱা হয়। ভাৰতীয় বজাৰত তাৎক্ষণিক ওটছ ৰেচিপিৰ বহুতো ব্ৰেণ্ড উপলব্ধ আছে।ইয়াৰ দাম অতি কম।ওটছৰ ভিটামিন আৰু প্ৰ'টিনেৰে সমৃদ্ধ।১০০ গ্ৰাম ওটছত ১৮ গ্ৰাম প্ৰ'টিন থাকে।

Also Read: Diabetes Diet: এই ৮ বিধ খাদ্য খাই প্ৰাকৃতিকভাৱে কমাই দিয়ক ডায়েবেটিচ

বুট

বুট প্ৰ'টিনৰ এক অন্যতম ভাল উৎস।বুটত কাৰ্বোহাইড্ৰেট, আইৰণ, আঁহ আৰু উচ্চ প্ৰ'টিন থাকে। ভাৰতীয় বজাৰত বিভিন্ন প্ৰকাৰৰ বুট পোৱা যায়।ইয়াৰ ভিতৰত ক'লা বুট আৰু কাবুলী বুটৰ দাম কম আৰু ই স্বাস্থ্য পক্ষেও অতি লাভজনক।১০০ গ্ৰাম ক'লা বুটত ১৯ গ্ৰাম প্ৰ'টিন থাকে।

বাদাম

বাদামত যথেষ্ট পৰিমাণৰ প্ৰ'টিন, চৰ্বি আৰু আঁহ থাকে। বাদাম নিৰামিষভোজীসকলৰ বাবে প্ৰ'টিনৰ সৰ্বশ্ৰেষ্ঠ উৎস। বাদামত ভিটামিন ই আৰু বিভিন্ন খনিজ যেনে মেগনেছিয়াম, ফোলেট আৰু কপাৰ সমৃদ্ধ।

Also Read: Fatty Liver Diet: ফেটী লিভাৰত খাওঁক এইসমূহ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin