ডিজিটেল ডেস্ক: আমলখিক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। আয়ুৰ্বেদতো ইয়াৰ এক বিশেষ স্থান আছে। ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে, হজম শক্তি উন্নত কৰে, আৰু ছাল আৰু চুলি সুস্থ কৰি ৰাখে। সেইবাবেই অধিকাংশ লোকেই ইয়াক ৰস, জাম, গুড়ি বা কেঁচা ৰূপত নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। কিন্তু সকলো লোকৰ বাবে উপকাৰী নহয় এইবিধ ফল।
কাৰ বাবে ক্ষতিকাৰক আমলখি ?
এচিডিটি বা পেটৰ সমস্যা থকাসকল
যিসকল লোকে সঘনাই এচিডিটি, গেছ, বুকুৰ জ্বলা-পোৰা বা পেটৰ বিষত ভুগি থাকে তেওঁলোকে সীমিত পৰিমাণে আমলখি খাব লাগে। আমলখিৰ টেঙাই কেতিয়াবা এচিড ৰিফ্লাক্স আৰু বেছি বেয়া কৰি তুলিব পাৰে।
ইয়াৰ ফলত এই সমস্যাবোৰ আৰু বেছি বেয়া হ’ব পাৰে। বিশেষকৈ খালী পেটত আমলখি খোৱাৰ ফলত একাংশ লোকৰ জটিলতা বৃদ্ধি পাব পাৰে।
নিম্ন ৰক্তচাপত ভোগাসকল
নিম্ন ৰক্তচাপত ভোগাসকলে আমলখি খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে। বিশ্বাস কৰা হয় যে, আমলখিয়ে ৰক্তচাপ আৰু অধিক হ্ৰাস কৰিব পাৰে, যাৰ ফলত দুৰ্বলতা, মূৰ ঘূৰোৱা, ভাগৰুৱা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ৰক্তচাপ নিয়ন্ত্ৰণৰ ঔষধ গ্ৰহণ কৰাসকলে চিকিৎসকৰ পৰামৰ্শ লৈহে আমলখি খাব লাগে।
অস্ত্ৰোপচাৰৰ পূৰ্বে আমলখি নাখাব
আমলখিৰ এনে গুণ আছে, যিয়ে তেজ পাতল কৰা কাম কৰিব পাৰে। এই কাৰণেই শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰা বা অস্ত্ৰোপচাৰ কৰিবলৈ ওলোৱা লোকসকলে আমলখি খোৱাৰ পৰা বিৰত থাকিব লাগে। ই ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি কৰি আৰোগ্য লাভত বাধাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকে অস্ত্ৰোপচাৰৰ পূৰ্বে কেইদিনমান এনে খাদ্য পৰিহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে।
গৰ্ভাৱস্থা আৰু স্তনপান কৰোৱাসকল
গৰ্ভৱতী মহিলা আৰু স্তন্যপায়ী মাতৃৰ বাবে আমলখি ক্ষতিকাৰক বুলি গণ্য কৰা নহয় যদিও অত্যধিক পৰিমাণে খালে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যধিক আমলখি খালে পেটৰ বিষ, ডায়েৰিয়া, বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। শৰীৰৰ পুষ্টি শোষণতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
বৃক্কত পাথৰ থকাসকল
বৃক্কত পাথৰ হোৱা লোকেও সীমিত পৰিমাণে আমলখি খাব লাগে। আমলখিত অক্সালেট থাকে, যিয়ে কিছুমান ক্ষেত্ৰত সমস্যাটো আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। যদি আপুনি ইতিমধ্যে বৃক্কৰ সমস্যাত ভুগিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ অত্যধিক আমলখি খোৱান কৰাটো ক্ষতিকাৰক হ’ব পাৰে।
এলাৰ্জীৰ সমস্যা থকাসকল
আমলখি খালে কিছুমানৰ এলাৰ্জীৰ সমস্যা হ’ব পাৰে। এই ব্যক্তিসকলে খজুৱতি, ফোঁহা, ফুলা বা ছাল ৰঙা পৰা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। আমলখি খোৱাৰ পিছত যদি কোনো ধৰণৰ এলাৰ্জীৰ প্ৰতিক্ৰিয়া হয়, তেন্তে তৎক্ষণাত খোৱা বন্ধ কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব।
এই কথা মনত ৰাখিব
আমলখি এবিধ পুষ্টিকৰ ছুপাৰফুড, কিন্তু ইয়াৰ গ্ৰহণ সদায় আপোনাৰ শৰীৰৰ প্ৰয়োজন আৰু স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। যদি আপুনি কোনো চিকিৎসাজনিত অৱস্থাৰ বাবে ঔষধ খাই আছে বা পূৰ্বৰ স্বাস্থ্যজনিত অৱস্থা আছে তেন্তে নিয়মিতভাৱে আমলখি খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল।

