ডিজিটেল ডেস্ক: আমাৰ সকলোৰে পছন্দৰ এবিধ শুকান ফল হৈছে কাঠবাদাম। ই পুষ্টিৰ এক উৎকৃষ্ট উৎস। কাঠবাদামত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে। কাঠবাদাম প্ৰ'টিন আৰু ভিটামিন-ইৰো এক উত্তম উৎস। ইয়াত অমেগা ৩ ফেটি এছিদ থাকে। কাঠবাদাম আঁহৰেও সমৃদ্ধ। কাঠবাদাম ৰাতি তিয়াই থৈ পুৱা খালে ই শৰীৰৰ পক্ষে অতি উপকাৰী। আজি কাঠবাদামৰ স্বাস্থ্যৰ লাভালাভৰ বিষয়ে জানো আহক-
ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাসত সহায়ক
কাঠবাদামত প্ৰ'টিন আৰু আঁহ যথেষ্ট পৰিমাণে থাকে। ইয়াৰ বিপৰীতে ইয়াত কাৰ্বোহাইড্ৰেট নামমাত্ৰহে থাকে।সেয়ে কাঠবাদাম খালে ৰক্ত শৰ্কৰা বৃদ্ধি নহয়।যাৰ বাবে কাঠবাদামক ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বহু উপকাৰী বুলি গণ্য কৰা হয়।
হৃদযন্ত্ৰৰ সুৰক্ষাদায়ক
কাঠবাদামে ক্ষতিকাৰক কলেষ্টেৰল লিপোপ্ৰ'টিন (এলডিএল-চি) হ্ৰাস কৰে।লিপোপ্ৰ'টিনৰ ফলত হৃদৰোগ হোৱাৰ এশ শতাংশ সম্ভাৱনা থাকে।কাঠবাদাম আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিলে ই উচ্চ ঘনত্বৰ লাইপোপ্ৰ'টিন (এইচডিএল-চি) বজাই ৰখাত সহায় কৰিব পাৰে, যি হৈছে এক ভাল প্ৰকাৰৰ চৰ্বি। এল.ডি.এল. আৰু এইচ.ডি.এল.-ৰ ভাৰসাম্যহীনতাৰ ফলত ডিচলিপিডেমিয়া হয়।ভাৰতীয়সকলৰ ওপৰত কৰা এক অধ্যয়ন প্ৰমাণ পোৱা মতে, প্ৰতিদিনে প্ৰায় ৪৫ গ্ৰাম কাঠবাদাম খোৱাটোৱে ডিচিলিপিডেমিয়া হ্ৰাস কৰাত সহায় কৰিব পাৰে।যি হৃদযন্ত্ৰৰ বাবে সুৰক্ষামূলক।
উন্নত কৰে মস্তিষ্কৰ কাৰ্যক্ষমতা
কাঠবাদামত ফোলেট, ভিটামিন ই, শৰীৰৰ বাবে দৰকাৰী চৰ্বি তথা পলিফেনোলিক থাকে। যি মগজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ কাঠবাদাম খালে স্মৃতিশক্তিও উন্নত হয়।
ওজন নিয়ন্ত্ৰণত সহায়ক
বাদামক জলপান হিচাপে বাছনি কৰিলে ভোক দমন কৰি খোৱাৰ আকাংক্ষা নিয়ন্ত্ৰণ কৰিব পাৰে। সেয়ে ওজন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাসকলে কাঠবাদাম খাবলৈ অভ্যাস কৰিব পাৰে।

