Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আপোনাৰ এই ভুলৰ বাবে বিহ হ'ব পাৰে পানী

আপোনাৰ এই ভুলৰ বাবে বিহ হ'ব পাৰে পানী

ডিজিটেল ডেস্ক: আগতে মানুহে ষ্টীল অথবা পিতলৰ বাচন ব্যৱহাৰ কৰিছিল। কিন্তু আজিকালি তামৰ বাচন ব্যৱহাৰৰ লাভালাভৰ বিষয়ে জানি সকলোয়ে তামৰ বাচন ব্যৱহাৰ কৰিবলৈ ল'লে। বিশেষকৈ পানী খাওতে। আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে, তামৰ পাত্ৰত থোৱা পানী খালে ই শৰীৰৰ ভাৰসাম্য বজাই ৰাখি বহু ৰোগৰ পৰা আমাক সুৰক্ষিত কৰে। আজি এই বিষয়ে জানো আহক-

১. তামৰ পাত্ৰত ৰখা পানীয়ে পেটৰ বহু সমস্যা দূৰ কৰে। ই পাকস্থলীৰ অন্ত্ৰত জমা হোৱা ময়লা পৰিস্কাৰ কৰে আৰু গেছ, এচিডিটি আদিৰ সমস্যাৰ পৰা সকাহ দিয়ে।

২. তামে তেজ বিশুদ্ধীকৰণৰ কাম কৰে। এনে পানী খোৱাটোৱে ছাল সম্পৰ্কীয় সকলো সমস্যা দূৰ কৰে।

৩. তামৰ পানীত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে, যি আৰ্থ্ৰাইটিছৰ সমস্যাৰ পৰা আমাৰ শৰীৰক সুৰক্ষা দিয়ে।

৪. ইয়াত কৰ্কট বিৰোধী উপাদান থাকে, যি এই মাৰাত্মক ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায়ক বুলি গণ্য কৰা হয়।

আনহাতে, স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, তামৰ বাচন-বৰ্তন ব্যৱহাৰ কৰি সুফল পাবলৈ ইয়াৰ ব্যৱহাৰৰ কিছুমান নিয়ম জনাটো অতি দৰকাৰ।এইসমূহৰ বিষয়ে আপুনি জ্ঞাত নহ’লে স্বাস্থ্য সম্পৰ্কীয় সমস্যা বৃদ্ধি হোৱাৰহে সম্ভাৱনা থাকে।ৰাতিপুৱা খালী পেটত তামৰ বটলৰ পৰা পানী খোৱাটো ভাল বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি অজ্ঞাতে এই ভুলবোৰ কৰে, তেন্তে এই পানী আপোনাৰ বাবে বিষাক্ত হ’ব পাৰে।

গোটেই দিনটো তামৰ বটলত থোৱা পানী নাখাব

যদি আপুনি গোটেই দিনটো তামৰ বটল বা পাত্ৰত ৰখা পানী খাই আছে, তেনেহ'লে আপোনাৰ শৰীৰত তামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তীব্ৰ ওকালি অহা, মূৰ ঘূৰোৱা, পেটৰ বিষৰ লগতে যকৃত আৰু বৃক্ক বিকল হ'ব পাৰে।

এনে বাচন ধোওতে ল'বলগীয়া সাৱধানতা

তামৰ বাচনবোৰ নিয়মীয়াকৈ ধুব নালাগে। এনে বাচন দৈনিক ধুলে ইয়াৰ উপকাৰী গুণাগুণ হ্ৰাস হ'বলৈ আৰম্ভ হয়। সেয়েহে, প্ৰতিটো ব্যৱহাৰৰ পিছত কেৱল পানীৰে পৰিস্কাৰকৈ ধুব আৰু মাহত এবাৰ নিমখ আৰু নেমু ব্যৱহাৰ কৰি ভালদৰে পৰিস্কাৰ কৰিব।

তামৰ পাত্ৰত এনে পানী কেতিয়াও নাখাব

ৰাতিপুৱা খালী পেটত নেমু আৰু মৌ দ্ৰৱীভূত পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু যেতিয়া আপুনি এই পানী তামৰ পাত্ৰত খায়, ই বিহৰ দৰে কাম কৰে। প্ৰকৃততে, নেমুত পোৱা এচিডটো তামৰ সৈতে মিহলি হৈ শৰীৰক যথেষ্ট ক্ষতি কৰে। যাৰ ফলত পেটৰ বিষ, গেছ তথা বমি হোৱা আদি সমস্যাই দেখা দিয়ে।

Also Read: ঔষধতকৈ কোনোগুণে কম নহয় এইসমূহ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin