Dailyhunt
প্ৰিয়জনৰ সৈতে সুখৰে থকাৰ উপায়কেইটা জানি লওঁক

প্ৰিয়জনৰ সৈতে সুখৰে থকাৰ উপায়কেইটা জানি লওঁক

ডিজিটেল ডেস্ক:দুজন লোক একেলগে থাকিলে তেওঁলোকৰ দৃষ্টিভংগীও যে একেই হ'ব লাগিব তেনে কোনো কথা নাই। এনে বহু দম্পত্তি আছে যি একেলগে থাকিলেও তেওঁলোকৰ চিন্তাৰ ধৰণ বহুত বেলেগ। যাৰ বাবে তেওঁলোক দুয়োজনে এটা সিদ্ধান্তত উপনীত হ'বলৈ যথেষ্ট সময় লাগে। যদি আপোনাকো আপোনাৰ সংগীৰ সিদ্ধান্তই আঘাত কৰে, তেনেহ'লে তেওঁৰ সৈতে কাজিয়া কৰি সম্পৰ্কটো নষ্ট নকৰি এইদৰে নিয়ন্ত্ৰণ কৰিব-

ভালকৈ কথা পাতিব

যদি আপোনাৰ সংগীৰ সৈতে মতৰ মিল নোহোৱা হয়, তেতিয়া প্ৰথম পদক্ষেপ হিচাপে আপুনি আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিব। তেওঁৰ সিদ্ধান্তত আপোনাৰ কি সমস্যা আছে বুজাই দিব। দুয়োয়ে বহি কথা পাতিলে সম্ভৱতঃ তেওঁ আপোনাৰ দৃষ্টিভংগী বুজি পাব।

কথা শুনিব

কেতিয়াবা আপুনি আপোনাৰ সংগীৰ কথা বুজি নাপাব পাৰে। সেয়েহে সদায় ইজনৰ কথা সিজনে ভালদৰে শুনিব লাগে। ভালদৰে কথা শুনাটোয়ে যিকোনো সিদ্ধান্ত লোৱাটো সহজ কৰি তোলে।

তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব

যদি সংগীৰ কিবা কথাত আপোনাৰ খং উঠিছে, তেন্তে আপুনি তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ই আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। আপুনি প্ৰথমে শান্তভাৱে তেওঁৰ কথা শুনিব আৰু তাৰ পিছত শেষত এই সিদ্ধান্তৰ বিষয়ে আপুনি কি ভাবে সহজে ক'ব।

সময় লওঁক

যদি আপোনাৰ বা আপোনাৰ সংগীৰ খুব খং উঠি আছে, তেন্তে কথাবোৰ ভাবিবলৈ সময় ল'ব। এনে পৰিস্থিতিত সংগীক কওঁক যে আপুনি এই বিষয়ে এতিয়াই কথা পাতিব নিবিচাৰে বা যদি পোনপটীয়াকৈ কোৱাত কোনো সমস্যা হয়, তেনেহ'লে আপুনি আন কিবা উল্লেখ কৰি বিষয়টো বদলি কৰি দিব পাৰে। ই আপোনাৰ খঙো শান্ত কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin