Dailyhunt
প্ৰকৃততে কিমান সুৰা পান কৰাটো স্বাস্থ্য উপযোগী, জানেনে ?

প্ৰকৃততে কিমান সুৰা পান কৰাটো স্বাস্থ্য উপযোগী, জানেনে ?

ডিজিটেল ডেস্ক: সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। সেয়া সকলোৰে জ্ঞাত। বিষাক্ত পদাৰ্থযুক্ত, নিম্ন মানদণ্ডৰ সুৰা পান কৰাৰ ফলত আমাৰ শৰীৰৰ অভাৱনীয় ক্ষতি হয়। স্বাস্থ্য উপযোগী নোহোৱাৰ বাবে কোনো কোনো ঠাইত সুৰা সম্পূৰ্ণৰূপে নিসিদ্ধও কৰা হৈছে। আমাৰ কাষৰীয়া ৰাজ্য মিজোৰাম, নাগালেণ্ড তথা বিহাৰ আৰু গুজৰাটত সুৰা সম্পূ্ৰ্ণ ৰূপে নিসিদ্ধ।

কিন্তু, যদি আপুনি সঠিক সময়ত কম পৰিমাণে আৰু উন্নত মানদণ্ডৰ সুৰা সেৱন কৰে, তেন্তে ই আপোনাৰ শৰীৰত ঔষধৰ দৰে কাম কৰে। এয়া আমি কোৱা কথা নহয়। শেহতীয়া এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে। এই গৱেষণা মতে, সুৰাপান হৈছে স্বাস্থ্যৱান হৈ থকাৰ এক অন্যতম উপায়। যদি আপুনি ৰাতিৰ আহাৰৰ সৈতে অলপ ৱাইন সেৱন কৰে, তেনেহ'লে টাইপ-২ ডায়েবেটিচৰ পৰা হাত সাৰি থাকিব পাৰে।

গৱেষণা অনুসৰি, সুৰা সেৱন কৰা প্ৰায় ৩,১২,০০০ লোকৰ ক্ষেত্ৰত কৰা অধ্যয়নত এই বিষয়ে স্পষ্ট হৈছে।

গৱেষণাত প্ৰমাণ হৈছে যে টাইপ-২ ডায়েবেটিচৰ আশংকা কেৱল তেতিয়াহে হ্ৰাস হয়, যেতিয়া খাদ্যৰ সৈতে ৱাইন সেৱন কৰা হয়। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ এপিডেমিঅ'লজী, প্ৰতিৰোধ, জীৱনশৈলী আৰু কাৰ্ডিওমেটাবলিক স্বাস্থ্য সন্মিলনত উপস্থাপন কৰা প্ৰাথমিক গৱেষণা অনুসৰি, সুৰা বিশেষকৈ ৱাইন সেৱন কৰাৰ ফলত টাইপ-২ ডায়েবেটিচ হোৱাৰ বৰ্ধিত বিপদাশংকা হ্ৰাস হয়।

কিমান পৰিমাণত খাব ?

গৱেষণাত এইটোও প্ৰমাণ হৈছে যে, একেবাৰে বেছিও নহয় আৰু কমও নহয়, কেৱল মধ্যমীয়া পৰিমাণৰ ৱাইন সেৱনেহে টাইপ-২ ডায়েবেটিচ ৰোধত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। মহিলাসকলৰ বাবে প্ৰতিদিনে এগিলাচ ৱাইন আৰু পুৰুষৰ বাবে প্ৰতিদিনে দুগিলাচ যথেষ্ট।

আনহাতে, বহুতো অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে মাজে মাজে এগিলাচ ৱাইন সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই ভাল। ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। ৱাইনে আমাক হৃদৰোগ পৰাও পৰিত্ৰাণ দিব পাৰে। তদুপৰি, শৰীৰ ফুলা সমস্যাৰ পৰাও সকাহ দিয়ে ৰেড ৱাইনে।

Also Read: চিকিৎসকৰ সহায়ৰ অবিহনেও নিয়ন্ত্ৰণ কৰিব পাৰি ইউৰিক এচিড

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin