Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
প্ৰতিদিনে ঔষধ খাব নালাগে, খাওক নৰসিংহ পাত

প্ৰতিদিনে ঔষধ খাব নালাগে, খাওক নৰসিংহ পাত

ডিজিটেল ডেস্ক: তেজত কলেষ্টেৰলৰ স্তৰ বাঢ়িলে বহু গুৰুতৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়। বিশেষকৈ উচ্চ ৰক্তচাপৰ বাবে কাৰ্ডিওভাস্কুলাৰ ৰোগ হ'ব পাৰে। সেয়েহে, বৰ্ধিত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ, আপুনি আপোনাৰ আহাৰত নৰসিংহ পাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত পোৱা পুষ্টিবোৰে ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় যথেষ্ট সহায় কৰে। স্বাস্থ্যৰ বাবে অতি উপকাৰী নৰসিংহ পাত আপোনাৰ দৈনিক আহাৰত কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰে, আজি জানো আহক-

frentusha

নৰসিংহ পাতৰ পুষ্টি

নৰসিংহ পাতত এণ্টি অক্সিডেণ্ট গুণ থাকে। ইয়াক ফাইটোনিউট্ৰিয়েণ্টৰো এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ইয়াত পোৱা পুষ্টিবোৰে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

বহু গৱেষণাত ইতিমধ্যে প্ৰমাণিত হৈছে যে নৰসিংহ পাত খাই ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

নৰসিংহ পাত কেনেদৰে খাব ?

আহাৰত নৰসিংহ পাত অন্তৰ্ভুক্ত কৰিবলৈ আপুনি বিভিন্ন ৰন্ধন প্ৰণালীত ইয়াক ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ স্বাস্থ্যৰ বাবেও উপকৃত হ'ব আৰু খাদ্যৰ সোৱাদো বহুগুণে বৃদ্ধি কৰিব।

চাহ হিচাপে পান কৰক

আপুনি চাহত যোগ দি নৰসিংহ পাত খাব পাৰে। আপুনি আপোনাৰ দিনটো নৰসিংহ পাতৰ চাহেৰে আৰম্ভ কৰিব পাৰে। এক গিলাচ পানীত কমেও ৮-১০টা নৰসিংহ পাত উতলাই ভালদৰে ছেকি ইয়াক মৌত মিহলি কৰক। ইয়াৰ পিছত আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে।

চাটনি বনাই খাওক

আপুনি নৰসিংহ পাতৰ চাটনি তৈয়াৰ কৰিও খাব পাৰে।বিভিন্ন ধৰণৰ চাটনিৰ লগত নৰসিংহ পাত দি অথবা নৰসিংহ পাত আদা-নহৰু-জলকীয়াৰ লগতে ভালদৰে পিছি খাব পাৰে।

খালী পেটত খাওক

আপুনি খালী পেটত নৰসিংহ পাত খাব পাৰে। খালী পেটত নৰসিংহ পাত খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। বিশেষজ্ঞসকলৰ মতে, সদায় ৰাতিপুৱা খালী পেটত ৫-৮ টা নৰসিংহ পাত চোবাই খালে কলেষ্টেৰলৰ স্তৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

Also Read: সদায়েই খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এইবিধ পাচলি

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin