Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
WHOৰ জৰুৰীকালীন ঘোষণা, সকলোকে সাৱধান হ'বলৈ আহ্বান

WHOৰ জৰুৰীকালীন ঘোষণা, সকলোকে সাৱধান হ'বলৈ আহ্বান

ডিজিটেল ডেস্ক: বিশ্বজুৰি পুনৰবাৰ উদ্বেগৰ কাৰণ হৈ উঠিছে মাৰাত্মক ইব'লা ভাইৰাছ। আফ্ৰিকাৰ কেইবাখনো দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থা (WHO)য়ে ইয়াক 'আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা' হিচাপে ঘোষণা কৰিছে। বিশেষকৈ কংগো গণতান্ত্ৰিক গণৰাজ্য আৰু উগাণ্ডাত এই ভাইৰাছৰ দ্ৰুত বিস্তাৰে স্বাস্থ্য সংস্থাসমূহৰ মাজত গভীৰ চিন্তা সৃষ্টি কৰিছে।

ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে। সম্ভাৱ্য বিপদৰ কথা লক্ষ্য কৰি কৰ্ণাটক চৰকাৰে স্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। বেংগালুৰু আৰু মংগালুৰুত বিশেষ আইছ'লেশ্যন চেণ্টাৰ স্থাপন কৰা হৈছে যাতে যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা যায়।

স্বাস্থ্য বিভাগে অৱশ্যে স্পষ্ট কৰি দিছে যে ভাৰতত এতিয়ালৈকে কোনো নিশ্চিত ইব’লা ৰোগী ধৰা পৰা নাই। তথাপি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী আৰু বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে। বেংগালুৰুস্থিত ৰাজীৱ গান্ধী বুকুৰ ৰোগ প্ৰতিষ্ঠানত সন্দেহযুক্ত ব্যক্তিৰ নমুনা পৰীক্ষা চলি আছে। এই নমুনাসমূহ প্ৰথমে এন আই ভি বেংগালুৰুলৈ আৰু পিছত নিশ্চিতকৰণৰ বাবে এন আই ভি পুনেলৈ প্ৰেৰণ কৰা হ’ব।

কি এই প্ৰাণঘাতী ইব’লা ?

ইব’লা হৈছে এক অতি গুৰুতৰ আৰু জীৱন সংকটজনক ভাইৰাছজনিত ৰোগ। ই মানুহ আৰু জীৱ-জন্তু উভয়কে সংক্ৰমিত কৰিব পাৰে। বিশেষজ্ঞৰ মতে, এই ৰোগ দ্ৰুতগতিত বিয়পিব পাৰে আৰু সময়মতে চিকিৎসা লাভ নকৰিলে ৰোগীৰ অৱস্থা অত্যন্ত ভয়াৱহ হৈ উঠিব পাৰে। প্ৰথম অৱস্থাত ইয়াৰ লক্ষণসমূহ সাধাৰণ ভাইৰাছৰ জ্বৰৰ দৰে হ’ব পাৰে, কিন্তু লাহে লাহে ই শৰীৰৰ বহু অংশত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে। গুৰুতৰ ক্ষেত্ৰত আনকি শৰীৰৰ ভিতৰত আৰু বাহিৰত ৰক্তক্ষৰণ হ’ব পাৰে।

ইব’লা কেনেকৈ বিয়পে ?

ইব’লা ভাইৰাছ প্ৰধানকৈ সংক্ৰমিত ব্যক্তি বা প্ৰাণীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বিয়পে। আক্ৰান্ত ব্যক্তিৰ তেজ, ঘাম, লেলাৱতি, বমি, প্ৰস্ৰাৱ বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থই সংক্ৰমণ বিয়পাব পাৰে। দূষিত কাপোৰ, বিচনা, চিকিৎসা সঁজুলি বা চিৰিঞ্জ স্পৰ্শ কৰিলেও এই ভাইৰাছ বিয়পি পৰাৰ আশংকা থাকে। স্বাস্থ্যসেৱা কৰ্মী আৰু ৰোগীৰ ওচৰৰ লোকসকলক আটাইতকৈ বেছি বিপদজনক বুলি গণ্য কৰা হয়।

ইব’লাৰ লক্ষণ কি ?

বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ ২ৰ পৰা ২১ দিনৰ ভিতৰত লক্ষণ দেখা দিব পাৰে। প্ৰথম অৱস্থাত ৰোগীয়ে অধিক জ্বৰ আৰু দুৰ্বলতা অনুভৱ কৰে যদিও সময়ৰ লগে লগে লক্ষণসমূহ বেছি বেয়া হ’ব পাৰে। ইব’লাৰ সাধাৰণ লক্ষণসমূহ হ’ল-

  • অতিপাত জ্বৰ
  • অত্যন্ত ভাগৰুৱা অনুভৱ
  • মূৰৰ বিষ
  • পেশীৰ বিষ
  • ডিঙিৰ বিষ
  • বমি
  • ডায়েৰীয়া
  • পেটৰ বিষ
  • ফোঁহা
  • চকু ৰঙা হোৱা

আনহাতে, গুৰুতৰ ক্ষেত্ৰত ৰোগীয়ে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে ৰক্তক্ষৰণ অনুভৱ কৰিব পাৰে। উশাহ-নিশাহ লোৱাত অসুবিধা আৰু ধাৰাবাহিক দুৰ্বলতাইও জীৱন সংকটজনক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

এই কথা মনত ৰাখিব

স্বাস্থ্য বিশেষজ্ঞৰ মতে, এই ক্ষেত্ৰত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই যদিও সাৱধানতা অতি প্ৰয়োজনীয়। যদি কোনো ব্যক্তিয়ে অতিমাত্ৰা জ্বৰ, অহৰহ দুৰ্বলতা, বমি, ডায়েৰিয়া, বা ৰক্তক্ষৰণ আদি লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। ইব’লাৰ দৰে ৰোগত সংক্ৰমণৰ বিস্তাৰ ৰোধ কৰিবলৈ সময়মতে ৰোগ নিৰ্ণয়, চিকিৎসা আৰু পৃথকীকৰণ অতি গুৰুত্বপূৰ্ণ।

ইব’লা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰক এই পদক্ষেপ

সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব লাগে আৰু ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। সঘনাই চাবোনেৰে হাত ধোৱাটো অতি প্ৰয়োজনীয়। ভিৰ কৰা ঠাইত মাস্ক পৰিধান কৰক আৰু প্ৰয়োজন হ’লে গ্ল’ভছ পিন্ধক। যদি কোনো সংক্ৰমিত ব্যক্তিৰ যত্ন লৈছে তেন্তে অতি সুৰক্ষিতভাৱে কৰক। সুৰক্ষা অবিহনে শৰীৰৰ তৰল পদাৰ্থ বা দূষিত বস্তু স্পৰ্শ কৰাটো পৰিহাৰ কৰক।

স্বাস্থ্য বিভাগৰ পৰামৰ্শ কি ?

স্বাস্থ্য বিভাগ আৰু বিশেষজ্ঞসকলে ৰাইজক সজাগ হৈ থাকিবলৈ অহৰহ আহ্বান জনাই আহিছে। সঠিক তথ্য, সময়মতে পৰীক্ষা আৰু সাৱধানতাৰে ইব’লা সংক্ৰমণৰ আশংকা বহুলাংশে প্ৰতিৰোধ কৰিব পৰা যায়। বৰ্তমান ভাৰতৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য সংস্থাসমূহ হাই এলাৰ্টত আছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin