Dailyhunt
সাজু হওঁক আপুনিও, কেতিয়াও নেদেখা ৰূপত আহি আছে 'ভাইজান'

সাজু হওঁক আপুনিও, কেতিয়াও নেদেখা ৰূপত আহি আছে 'ভাইজান'

ডিজিটেল ডেস্ক: অৱশেষত মুকলি হ'ল ছলমান খানৰ বহুপ্ৰত্যাশিত ছবি 'ছিকন্দৰ'ৰ টিজাৰ। এই টিজাৰটো বৃহস্পতিবাৰে ছলমান খানৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু ইউটিউব দুয়োটাতে মুকলি কৰা হয়। মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা এই ছবিখনৰ টিজাৰ মুকলি হোৱাৰ প্ৰথম এটা ঘণ্টাতে ৪.৪ নিযুততকৈও অধিক লোকে উপভোগ কৰিছে।

টিজাৰ মুকলিৰ পিছতে এই ছবিখন এতিয়া চৰ্চাৰ শীৰ্ষত আছে। বহু অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত ছবিখনৰ সন্দৰ্ভত মুকলিকৈ তেওঁলোকৰ মন্তব্য আগবঢ়াইছে। অনুৰাগীৰ মতে, 'ছিকন্দৰ' ইতিমধ্যেই ব্লকবাষ্টাৰ। এই ছবিখনে ১০০কোটিৰ নহয়, ১০০০কোটি টকাৰ ব্যৱসায় কৰিব।

আনহাতে, 'এনিমেল'ৰ জৰিয়তে বলীউডত ভুমুকি মৰা দাক্ষিণাত্যৰ অভিনেত্ৰী ৰশ্মিকা মান্দনাৰ বাবেও এই ছবিখনক দৰ্শকে আৰু অধিক আকোঁৱালি ল'ব বুলি একাংশ অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত স্পষ্টকৈ প্ৰকাশ কৰিছে।

কিয়নো, ৰশ্মিকায়ে অভিনয় কৰা ‘এনিমেল’য়ে ৯০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। ইয়াৰ পাছত মুক্তি লাভ কৰা ৰশ্মিকাৰ ছবি ‘পুষ্পা ২’য়ে সকলো অভিলেখ ভংগ কৰি ১৮০০ কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়।

ছবিখনৰ টিজাৰত ছলমান খানক খুব আকৰ্ষণীয়কৈ দেখুওৱা হৈছে। তেওঁৰ সংলাপবোৰেও বেছ চৰ্চা লাভ কৰিছে। ‘ছিকন্দৰ’ৰ পৰিচালনা আৰু কাহিনী এ আৰ মুৰুগাডছৰ। চাজিদ নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত এই একশ্যনধৰ্মী ছবিখনত ছলমানৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মান্দন্না, কাজল আগৰৱাল, সত্যৰাজ, শৰমন যোশী আৰু প্ৰতীক বব্বৰে। ‘ছিকন্দৰ’ৰ গীতসমূহ ৰচনা কৰিছে প্ৰীতমে, চিনেমাটোগ্ৰাফী কৰিছে তিৰুয়ে আৰু সম্পাদনাৰ দায়িত্বত আছে বিবেক হৰ্ষন। ইতিমধ্যে ব্লকবাষ্টাৰ ঘোষিত এই ছবিখনে ২৮ মাৰ্চত অৰ্থাৎ ঈদত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব। উল্লেখ্য যে, ‘টাইগাৰ-৩’ পিছত ‘ছিকন্দৰ’ত সম্পূৰ্ণ এক নতুন ৰূপত দৰ্শকে দেখিবলৈ পাব ছলমান খানক।

Also Read: ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ বাবেই ৰাখীয়ে কৰিব তৃতীয় বিবাহ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin