ডিজিটেল ডেস্ক:হলীউডত 'ভাইজান'। হয়, প্ৰায় ৪০ বছৰ বলীউডত দপ-দপাই থকাৰ পাছত এতিয়া হলীউডৰ ছবিতো দৰ্শকে দেখিবলৈ পাব ছুপাৰষ্টাৰ ছলমান খানৰ অভিনয়ৰ যাদু। কিন্তু হলীউডৰ এই ছবিখনত ছলমানৰ চৰিত্ৰটো হেনো একেবাৰেই সৰু। ছবিখনত ছলমানে এজন গাড়ীচালকৰ চৰিত্ৰতহে অভিনয় কৰিছে। তাকো খুব কম সময়ৰ বাবে।
প্ৰকৃততে, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এই ছবিখনৰ এটা ভিডিঅ' ভাইৰেল হৈছে। য'ত ছলমানক গাড়ীচালকৰ ৰূপত দেখা গৈছে। ইয়াৰ পাছতেই ছবিখনত ছলমানৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপিত হৈছে। অগনন অনুৰাগীয়ে গাড়ীচালকৰ চৰিত্ৰত ছলমানে অভিনয় কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে।
চৌদি আৰৱত ১৭ ফেব্ৰুৱাৰীৰ পৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে।

