Dailyhunt
উপকাৰী পনীৰৰো আছে অপকাৰী গুণ

উপকাৰী পনীৰৰো আছে অপকাৰী গুণ

ডিজিটেল ডেস্ক: পনীৰ স্বাস্থ্যকৰ খাদ্য। ইয়াত প্ৰ'টিন, কেলচিয়ামৰ লগতে আন বহু স্বাস্থ্যকৰ উপাদান থাকে, যিয়ে হাড় আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কিন্তু, সকলো লোকৰ বাবে পনীৰ উপকাৰী নহয়। আজি এই বিষয়ে জানো আহক-

পনীৰৰ উপকাৰিতা

প্ৰ'টিনৰ উৎস

পনীৰত পৰ্যাপ্ত পৰিমাণে প্ৰ'টিন পোৱা যায়, যি শৰীৰৰ পেশী গঠন আৰু মেৰামতি কৰাত সহায় কৰে।

হাড়ৰ বাবে উপকাৰী

পনীৰত কেলচিয়াম আৰু ভিটামিন ডি থাকে, যিয়ে হাড় শক্তিশালী কৰে।

ছালৰ বাবে লাভদায়ক

পনীৰত এন্টি-অক্সিডেণ্ট থাকে, যিয়ে ছালখন পৰিস্কাৰ কৰি ৰাখে। ই ছালৰ সংক্ৰমণ ৰোধ কৰে।

পাচনত সহায়

পনীৰত বায়' এ'বেলিটি প্ৰটিন থাকে, যিয়ে পাচনতন্ত্ৰক উন্নত কৰি পেটটো ভালে ৰাখে।

কোনে খাব নোৱাৰে পনীৰ ?

যিসকল উচ্চ ৰক্তচাপত আক্ৰান্ত

পনীৰত ছ’ডিয়ামৰ পৰিমাণ বেছি। যদি আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত, তেতিয়া আপুনি পনীৰ খোৱাৰ পৰিমাণ সীমিত কৰিব লাগিব। অধিক পনীৰ খালে এই সমস্যা বৃদ্ধি হব পাৰে।

খাদ্যত বিষক্ৰিয়া হোৱা ৰোগীৰ বাবে ক্ষতিকাৰক

খাদ্যত বিষক্ৰিয়াৰ সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। বিশেষকৈ প্ৰ'টিন সমৃদ্ধ খাদ্য যেনে পনীৰ, বিশেষকৈ ভালদৰে ৰন্ধা নহ’লে পেটৰ সমস্যা আৰু অধিক ভয়াৱহ হ’ব পাৰে। ইয়াৰ ফলত ডায়েৰিয়া, পেটৰ বিষ আৰু পেটৰ অন্যান্য সমস্যা হ’ব পাৰে।

সংক্ৰমণ, এলাৰ্জী

কেঁচা পনীৰ বা নিম্নমানৰ পনীৰ খোৱাৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা থাকে। যদি আপোনাৰ দুগ্ধজাত সামগ্ৰীৰ প্ৰতি এলাৰ্জী আছে, তেন্তে পনীৰ খোৱাৰ ফলত ছালত ফোঁহা আৰু খজুৱতি হ’ব পাৰে।

হৃদৰোগৰ আশংকা

ক্ৰীমৰ দৰে চৰ্বিযুক্ত খাদ্যই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। সেয়েহে পনীৰৰ অত্যধিক গ্ৰহণে হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে। যদি আপুনি হৃদৰোগত আক্ৰান্ত, তেন্তে পনীৰ খোৱা সীমিত কৰক।

বি.দ্ৰ: এই লেখাটোত সাধাৰণ তথ্যহে উল্লেখ কৰা হৈছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: যুৱ প্ৰজন্মৰ পছন্দৰ অধিকাংশ খাদ্যই প্ৰকৃততে অখাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin