Dailyhunt
সতৰ্ক হওঁক, অন্যথা ভূগিব লাগিব গুৰুতৰ ৰোগত

সতৰ্ক হওঁক, অন্যথা ভূগিব লাগিব গুৰুতৰ ৰোগত

ডিজিটেল ডেস্ক: কাম-কাজৰ তাগিদাত সোনকালে ঘৰৰ পৰা ওলাই যোৱা বহু লোকে পুৱা সহজতে হোৱা খাদ্য খায়। এই খাদ্যৰ ভিতৰত ব্ৰেড, গাখীৰ অন্যতম। অধিকাংশৰ ধাৰণা যে ব্ৰেড-গাখীৰ খোৱাটো স্বাস্থ্যকৰ। কিন্তু প্ৰকৃততে ৰাতিপুৱা এই খাদ্য খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। ৰাতিপুৱা ব্ৰেডৰ সৈতে গাখীৰ খালে আপোনাৰ স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে, আজি জানো আহক-

ৰক্ত শৰ্কৰা বৃদ্ধি

ৰাতিপুৱা গাখীৰ আৰু ব্ৰেড খোৱাৰ ফলত ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়। যদি আপুনি ইতিমধ্যে এই ৰোগৰ ভুক্তভোগী, তেতিয়া ইয়াক একেবাৰে গ্ৰহণ নকৰিব। প্ৰকৃততে, বগা ব্ৰেড দ্ৰুতগতিত হজম হৈ গ্লুকোজলৈ ৰূপান্তৰিত হয়। তাৰ পিছত ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। তদুপৰি, ব্ৰেডত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ যথেষ্ট বেছি থাকে, যিয়ে চেনীৰ স্তৰ বৃদ্ধি কৰিব পাৰে।

সঘনাই ভোক

বগা ব্ৰেড সোনকালে হজম হোৱাৰ ফলত সঘনাই ভোক লাগে। সেয়েহে, দিনটোৰ প্ৰথম খাদ্য হিচাপে আপুনি ব্ৰেড কেতিয়াও নাখাব। ই আপোনাৰ স্বাস্থ্য আৰু পাচন তন্ত্ৰ নষ্ট কৰিব পাৰে।

ওজন বৃদ্ধি

যদি আপুনি ৰাতিপুৱাৰ আহাৰত গাখীৰ আৰু ব্ৰেড খায়, ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে। ব্ৰেড সোনকালে হজম হোৱাৰ বাবে আপুনি অধিক ভোক অনুভৱ কৰি অত্যাধিক খাব পাৰে। লগতে ব্ৰেডত উচ্চ পৰিমাণত চৰ্বি আৰু কাৰ্ব পোৱা যায়, যি শৰীৰৰ কেলৰি তথা ওজন বৃদ্ধি কৰিব পাৰে।

পাচন তন্ত্ৰ প্ৰভাৱিত

ব্ৰেডত ময়দা থাকে, যিয়ে পাচন তন্ত্ৰ দুৰ্বল কৰিব পাৰে। সেয়েহে, আপুনি ৰাতিপুৱা খালী পেটত গাখীৰ আৰু ব্ৰেড খোৱা পৰিহাৰ কৰিব লাগে। ময়দা খালে পাকস্থলী সঠিকভাৱে পৰিস্কাৰ নহয়।যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হ'ব পাৰে।

Also Read: এইদৰে আপেল কেতিয়াও নাখাব, অন্যথা হ’ব স্বাস্থ্যৰ অৱনতি

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin