Dailyhunt
ৰাতি গাখীৰ খাই যদি এই বিষয়ে জানি লওঁক

ৰাতি গাখীৰ খাই যদি এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: গাখীৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি প্ৰাস সকলো বয়সৰ লোকেই গাখীৰ খায়। বহু লোকৰে ৰাতি শোৱাৰ পূৰ্বে গাখীৰ খোৱাৰ অভ্যাস আছে। কিন্তু প্ৰকৃততে ৰাতি গাখীৰ খোৱাটো কিমান স্বাস্থ্যসন্মত আপুনি জানেনে ? আয়ুৰ্বেদৰ মতে, আহাৰ খোৱাৰ ঠিক পিছতে গাখীৰ খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী নহয়। ই হজমৰ সমস্যা সৃষ্টি কৰাৰ লগতে বহু ৰোগৰ কাৰক হ'ব পাৰে। হয়, ৰাতি সঠিক সময়ত গাখীৰ নাখালে ই স্বাস্থ্যৰ পক্ষে অপকাৰী হ'ব পাৰে।

ৰাতি আহাৰ গ্ৰহণৰ পিছত গাখীৰ খোৱাৰ অপকাৰিতা


পাচন সমস্যা

গাখীৰ হৈছে এক গধুৰ পানীয়। ইয়াক হজম কৰিবলৈ সময় লাগে। আহাৰ খোৱাৰ ঠিক পিছতে গাখীৰ খোৱাৰ ফলত গেছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যা হ'ব পাৰে।

এচিডিটি, গেছৰ সমস্যা

গাখীৰত কেলচিয়াম আৰু প্ৰ'টিন থাকে, যিয়ে পাকস্থলীত এচিডৰ স্তৰ প্ৰভাৱিত কৰিব পাৰে। বিশেষকৈ মছলাযুক্ত বা ভজা খাদ্য খোৱাৰ পাছত গাখীৰ খালে বদহজম হ'ব পাৰে।


ওজন বৃদ্ধি

গাখীৰত কেলৰি আৰু চৰ্বি থাকে। যাৰ ফলত আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ওজন বৃদ্ধি হ’ব পাৰে। যদি আপুনি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বিচাৰে, নিশা গাখীৰ খোৱা পৰিহাৰ কৰিব।

টোপনিত প্ৰভাৱ

গাখীৰত ট্ৰিপ্টোফেন নামৰ এমিন’ এচিড থাকে। ইয়াৰ ফলত টোপনি বৃদ্ধি হয়। আহাৰ খোৱাৰ ঠিক পিছতে গাখীৰ খালে শৰীৰ গধুৰ হৈ টোপনি বৃদ্ধি হ'ব পাৰে।

লেক্টোজ অসহিষ্ণুতা থকা লোকসকলৰ বাবে ক্ষতিকাৰক

যদি কাৰোবাৰ লেক্টোজ অসহিষ্ণুতা থাকে, তেওঁলোকে নিশা আহাৰ গ্ৰহণৰ পিছতে গাখীৰ খালে ডায়েৰিয়া, পেট ফুলা আৰু পেটৰ বিষৰ দৰে সমস্যা হ'ব পাৰে।

ৰাতিৰ আহাৰৰ পিছত কেতিয়া, কেনেকৈ গাখীৰ খাব লাগে ?

যদি আপুনি নিশা গাখীৰ খাবলৈ বিচাৰে, তেন্তে সঠিক সময়ত সঠিক পদ্ধতিত গাখীৰ খাব। শোৱাৰ ১-২ ঘণ্টাৰ আগতে সামান্য গৰম গাখীৰ খোৱাটোহে স্বাস্থ্যৰ বাবে উপকাৰী। আপুনি গাখীৰৰ সৈতে হালধি, ইলাচী বা মৌ মিহলি কৰিও খাব পাৰে। উল্লেখ্য যে, যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, টোনড গাখীৰ আপোনাৰ বাবে উপকাৰী হ’ব পাৰে।

Also Read: সাৱধান ! এই অভ্যাসে ৰোগীয়া কৰিব পাৰে আপোনাক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin