Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
সাৱধান ! আজিৰ পৰাই ত্যাগ কৰক 'এনাৰ্জী ড্ৰিংক'

সাৱধান ! আজিৰ পৰাই ত্যাগ কৰক 'এনাৰ্জী ড্ৰিংক'

ডিজিটেল ডেস্ক: বেয়া খাদ্যাভ্যাস আৰু পৰিৱৰ্তনশীল জীৱনশৈলীয়ে আমাৰ শৰীৰত বহু প্ৰকাৰৰ ৰোগৰ জন্ম দিয়ে। আজিকালি আমি প্ৰায়েই দেখো যে, বহুলোকে গোটেই দিনটো সক্ৰিয় তথা উদ্যমী হৈ থাকিবলৈ 'এনাৰ্জী ড্ৰিংক' সেৱন কৰে। বিশেষকৈ গৰমৰ দিনত আমি সকলোয়ে 'এনাৰ্জী ড্ৰিংক' তুলনামূলকভাৱে বেছিকৈ সেৱন কৰো। এই 'এনাৰ্জী ড্ৰিংক'য়ে শৰীৰ আৰু মনক শক্তি প্ৰদান কৰে ঠিকেই, কিন্তু ই আমাৰ স্বাস্থ্যক বেয়াকৈ ক্ষতি কৰে।হয়, শেহতীয়া এক গৱেষণা মতে, এই পানীয় সেৱন কৰাৰ ফলত হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগ হ'ব পাৰে। 'এনাৰ্জী ড্ৰিংক' সেৱনৰ ফলত শৰীৰৰ কিদৰে ক্ষতি হ'ব পাৰে, সেই সন্দৰ্ভত আজি জানো আহক-

শৰীৰত পানীৰ অভাৱ

বহুলোকে পিয়াহ লাগিলে পানীৰ সলনি 'এনাৰ্জী ড্ৰিংক' সেৱন কৰে।

কিন্তু এনে কৰাৰ ফলত শৰীৰত ‘ডিহাইড্ৰেচন’ হ'ব পাৰে।কিয়নো ‘এনাৰ্জী ড্ৰিংক’ প্ৰস্তুত কৰিবলৈ পানীৰ সলনি কেফেইন, চেনী আৰু বহুতো খাদ্যৰ ফ্লেভাৰ ব্যৱহাৰ কৰা হয়, যি শৰীৰৰ বাবে অনুপযোগী হোৱাৰ লগতে শৰীৰক পানী যোগান ধৰাত ই কোনোৰকমে সহায় নকৰে।

ক্ষতিগ্ৰস্ত হ'ব পাৰে দাঁত

‘এনাৰ্জী ড্ৰিংক’ তৈয়াৰ কৰিবলৈ চেনী আৰু ফ্লেভাৰ ব্যৱহাৰ কৰা হয়। এই ফ্লেভাৰ আৰু চেনী দাঁতৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াত থকা চেনীয়ে দাঁতৰ এনামেল নষ্ট কৰিব পাৰে, যাৰ ফলত আপুনি অতি সংবেদনশীলতাৰ দৰে সমস্যাৰ মোকাবিলা কৰিব লগীয়া হ'ব পাৰে।

উচ্চ ৰক্তচাপ

অত্যাধিক পৰিমাণৰ ‘এনাৰ্জী ড্ৰিংক’ সেৱন কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ইয়াত উচ্চ পৰিমাণত কেফেইন পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ, উচ্চ ৰক্তচাপ, হৃদস্পন্দন আৰু উদ্বিগ্নতাৰ দৰে সমস্যা হ'ব পাৰে।

নিদ্ৰাহীনতা

‘এনাৰ্জী ড্ৰিংক’ গ্ৰহণ কৰাৰ ফলত হৰমনৰ বহুতো পৰিৱৰ্তন হয়। এই হৰমনবোৰৰ পৰিৱৰ্তনৰ ফলত শৰীৰত অস্থিৰতা সৃষ্টি হ'ব পাৰে।তদুপৰি, অত্যাধিক পৰিমাণৰ এনাৰ্জী ড্ৰিংক সেৱন কৰিলে নিদ্ৰাহীনতাৰ দৰে সমস্যাও হ'ব পাৰে।

ডায়েবেটিচৰ সমস্যা

‘এনাৰ্জী ড্ৰিংক’ তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ চেনী ব্যৱহাৰ কৰা হয়। যথেষ্ট পৰিমাণে চেনী সেৱন কৰিলে আপোনাৰ শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব পাৰে। যাৰ ফলত আপুনি ডায়েবেটিচৰ দৰে গুৰুতৰ ৰোগতো আক্ৰান্ত হ'ব পাৰে।

Also Read: এইসমূহ ৰোগ যদি কৰিবলৈ বিচাৰিছে দূৰ, খাওঁক মাখনা আৰু গুড়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin