Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
শাহু-বোৱাৰীৰ মতানৈক্যৰ কাৰণ প্ৰকৃততে কি ?

শাহু-বোৱাৰীৰ মতানৈক্যৰ কাৰণ প্ৰকৃততে কি ?

ডিজিটেল ডেস্ক: শাহুৱেক আৰু বোৱাৰীৰ সম্পৰ্ক পৰিয়ালৰ আটাইতকৈ সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কসমূহৰ ভিতৰত অন্যতম। এই সম্পৰ্কত মৰম, স্নেহ, বুজাবুজি আৰু পাৰস্পৰিক সন্মানৰ বিশেষ প্ৰয়োজন হয়। যদিও এই সম্পৰ্কক বহুত বিশেষ বুলি গণ্য কৰা হয়, তথাপিও কেতিয়াবা অতি সৰু সৰু বিষয়ৰ পৰা আৰম্ভ হোৱা ভুল বুজাবুজিয়ে ডাঙৰ ৰূপ লয় আৰু সম্পৰ্কত ফাঁট মেলে।

কি কয় জ্যোতিষ শাস্ত্ৰই ?

জ্যোতিষ শাস্ত্ৰৰ মতে, মানুহৰ স্বভাৱ আৰু ব্যৱহাৰত ৰাশিৰ প্ৰভাৱ থাকিব পাৰে। কিছুমান ৰাশিৰ মানুহৰ স্বভাৱ একেবাৰে বেলেগ বা বিপৰীত হোৱাৰ বাবে তেওঁলোকৰ মাজত মতানৈক্যৰ সম্ভাৱনা বেছি হয়। বিশেষকৈ শাহুৱেক আৰু বোৱাৰীৰ দৰে সংবেদনশীল সম্পৰ্কত এই প্ৰভাৱ অধিক স্পষ্ট হৈ উঠিব পাৰে।

শাহু-বোৱাৰী যুটিত কোনবোৰ ৰাশিৰ মহিলাই অসুবিধাৰ সন্মুখীন হ’ব পাৰে, জানো আহক-

মেষ আৰু কুম্ভ

মেঘ আৰু কুম্ভ ৰাশিৰ মহিলাসকল সাধাৰণতে জেদী আৰু স্বাৱলম্বী স্বভাৱৰ হয়। তেওঁলোকে নিজৰ সিদ্ধান্তত দৃঢ় থাকে আৰু নিজৰ মতেই সকলোবোৰ কৰিবলৈ বিচাৰে। ফলস্বৰূপে, যদি দুয়োজনে একেলগে বাস কৰে, তেন্তে মতভেদ হোৱাৰ সম্ভাৱনা অধিক থাকে।

কন্যা আৰু তুলা

এই দুই ৰাশিৰ মহিলাসকল নিখুঁততাবাদী স্বভাৱৰ হয়। তেওঁলোকে সকলো বিষয়ত শুদ্ধতা বিচাৰে আৰু প্ৰায়ে ইজনে সিজনৰ ওপৰত প্ৰাধান্য লাভ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত পৰিয়ালত উত্তেজনা আৰু প্ৰতিযোগিতাৰ সৃষ্টি হ’ব পাৰে।

মিথুন আৰু মকৰ

মিথুন আৰু মকৰ ৰাশিৰ মাজত স্বভাৱগত পাৰ্থক্য যথেষ্ট দেখা যায়। মিথুন ৰাশিৰ মহিলা চঞ্চল আৰু উৎসাহী, যেতিয়া মকৰ ৰাশিৰ মহিলা শান্ত আৰু সংযত। এই বেলেগ বেলেগ চিন্তাধাৰাই বহু সময়ত সংঘাতৰ সৃষ্টি কৰে।

সিংহ আৰু বৃশ্চিক

সিংহ আৰু বৃশ্চিক ৰাশিৰ মহিলাসকল দৃঢ় আৰু প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে জনাজাত। তেওঁলোকে নিজৰ মত প্ৰকাশত সক্ৰিয় আৰু কেতিয়াবা নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত দুয়োৰে মাজত সংঘৰ্ষৰ সম্ভাৱনা বেছি হয়।

যদিও এইবোৰ জ্যোতিষীয় দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি কৰা এক ধৰণৰ ব্যাখ্যা, তথাপিও ইয়াক সম্পূৰ্ণ সত্য বুলি ক’ব নোৱাৰি। যিকোনো সম্পৰ্কৰ মূল ভিত্তি হৈছে বুজাবুজি, সহনশীলতা আৰু পাৰস্পৰিক সন্মান। যদি দুয়োফালে এই গুণবোৰ থাকে, তেন্তে যিকোনো ৰাশিৰ মানুহে একেলগে সুখেৰে বাস কৰিব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin