Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
শিশুক চৰ্দিৰ পৰা বচাই ৰাখিবলৈ গ্ৰহণ কৰক এই উপায়

শিশুক চৰ্দিৰ পৰা বচাই ৰাখিবলৈ গ্ৰহণ কৰক এই উপায়

ডিজিটেল ডেস্ক: দ্ৰুতগতিত বতৰ সলনি হৈ থকাৰ ফলত নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে। বিশেষকৈ ২ৰ পৰা ১০ বছৰৰ শিশুৰ ক্ষেত্ৰত। যাৰ বাবে এইদিনকেইটাত শিশুৰ উচিত যত্ন লোৱাটো খুবেই প্ৰয়োজন। পুৱা ঠাণ্ডা বতাহ চলাচল কৰাৰ বাবে শিশুৰ চৰ্দি হ'ব পাৰে। যেতিয়া চৰ্দি হয়, কাহ আৰু কফৰ সমস্যাই শিশুসকলক আটাইতকৈ বেছি আমনি কৰে। আনহাতে, ইয়াৰ ফলত শিশুৰ জ্বৰো হয়। শিশুক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব লাগে।ইয়াৰ বাবে খোৱা-বোৱা, পৰিস্কাৰ-পৰিচ্ছন্নতা আদি সকলো দিশতে শিশুৰ যত্ন লোৱাটো খুবেই দৰকাৰী। এই দিনকেইটাত আপুনি আপোনাৰ সন্তানৰ প্ৰতি ল'বলগীয়া যত্নৰ বিষয়ে আজি জানো আহক-

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন ল'ব

শীতকালত শিশুৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকক হাত ধোৱাৰ অভ্যাস কৰালে বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে। খোৱাৰ আগত আৰু পিছত হাত পৰিস্কাৰ কৰাৰ অভ্যাস কৰাব। এই দিনকেইটাত শিশুৰ কাপোৰো পৰিস্কাৰ কৰি ৰাখিব লাগে। শীতকালত শিশুসকলক সদায়েই গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰাব।

ফল-পাচলি খাবলৈ দিব

ঠাণ্ডা দিনত তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। যাৰ ফলত শিশুসকল অধিক অসুস্থ হৈ পৰে। এই দিনকেইটাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ শিশুসকলক নেমুজাতীয় ফল আৰু পাচলি খাবলৈ দিব। শিশুৰ আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰিব। কাঠবাদাম আৰু আখৰোট খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

তৰল গ্ৰহণ বৃদ্ধি কৰক

ঠাণ্ডাত ডিহাইড্ৰেচন বেছিকৈ হয়, কিয়নো অধিকাংশই এই দিনকেইটাত কম পানী খায়। এই সমস্যাটো শিশুৰ ক্ষেত্ৰতো দেখা যায়। সেয়েহে তৰল গ্ৰহণৰ প্ৰতি মনোযোগ দি আপুনি শিশুসকলক খোৱাৰ বাবে চুপ, ৰস আৰু গৰম পানী দিব। শিশুটোৰ সুস্বাস্থ্যৰ বাবে সদায় পূৱা গৰম পানী খাবলৈ দিব।

ভৰি,কাণ, বুকু, পেট ঢাকি ৰাখিব

শীত কাল অহাৰ লগে লগে শিশুসকলক গৰম কাপোৰ পিন্ধোৱা আৰম্ভ কৰিব। বিশেষকৈ শিশুৰ ভৰি, মূৰ আৰু পেট ভালদৰে ঢাকি ৰাখিব। বুকু, মূৰ আৰু ভৰিত ঠাণ্ডা লাগিলে চৰ্দি লাগে।

আয়ুৰ্বেদিক প্ৰতিকাৰ

শিশুটোক চৰ্দি কাহৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে। ঠাণ্ডাত দিনত এবাৰকৈ শিশুক হালধিৰ গাখীৰ দিব। গাখীৰত চেনীৰ সলনি গুড় ব্যৱহাৰ কৰক। শীতকালত শিশুৰ খাদ্যত নহৰু আৰু আদা অন্তৰ্ভূক্ত কৰিব।এই খাদ্যই শৰীৰ গৰম কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

Also Read: আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin