Dailyhunt
যিকোনো সময়ত মধুৰিআম নাখাব, কেতিয়া খাব লাগে জানি লওঁক

যিকোনো সময়ত মধুৰিআম নাখাব, কেতিয়া খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: সুস্বাস্থ্যৰ বাবে ফল খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰতিটো ফলৰে নিজা গুণাগুণ আছে।এনে এবিধ অতি উপকাৰী ফল হৈছে মধুৰিআম। কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতবোৰো বহু ৰোগৰ ঔষধ। ইয়াত থকা আইৰণ, ভিটামিন আৰু আঁহ ডায়েবেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। আজি মধুৰিআমৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ডায়েবেটিছ ৰোগী

যিসকল লোকৰ শৰীৰত ৰক্ত শৰ্কৰা বৃদ্ধি হৈছে, তেওঁলোকে মধুৰিআম খাব লাগে। তদুপৰি, তেওঁলোকে মধুৰিআম পাতৰ পানীও খাব লাগে। ইয়াৰ বাবে ৪-৫টা মধুৰিআমৰ পাত পৰিস্কাৰ কৰি ১ লিটাৰ পানীত উতলাই ল'ব।যেতিয়া পানীখিনি আধা হয়,তেতিয়া সেই পানী ঠাণ্ডা কৰি খাব লাগে। মধুৰিআম আৰু ইয়াৰ পাতবোৰে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ৰক্তহীনতা ৰোগী, গৰ্ভৱতীৰ বাবে উপকাৰী

যিসকল লোকৰ শৰীৰত আইৰণৰ অভাৱ, তেওঁলোকে তেজ বৃদ্ধি কৰিবলৈ মধুৰিআম খাব লাগে। ইয়াত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়, যিয়ে হিমোগ্লোবিন বৃদ্ধি কৰে। ইয়াত মেগনেছিয়ামও পোৱা যায়। ই আপোনাৰ পেশী শক্তিশালী কৰে। মধুৰিআম খালে গৰ্ভাৱস্থাৰ সময়ত ৰক্তহীনতাৰ আশংকা হ্ৰাস হয়। মধুৰিআমত থকা ফলিক এচিডে গৰ্ভস্থ শিশুৰ বিকাশতো সহায় কৰে।

চকু, ছালৰ বাবে ভাল

ভিটামিন এ আৰু চি মধুৰিআমত যথেষ্ট পৰিমাণে পোৱা যায়। ভিটামিন এ-য়ে চকু আৰু ভিটামিন চি-য়ে ছাল স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ছালৰ যত্নৰ বাবে মধুৰিআম এটা ভাল বিকল্প। যদি আপুনি কম বয়সতে আপোনাৰ ছালত বয়সৰ চাপ পৰিছে, তেনেহ'লে আপুনি আপোনাৰ দৈনিক আহাৰত মধুৰিআম অন্তৰ্ভুক্ত কৰিব পাৰে।

কোষ্ঠকাঠিন্য

মধুৰিআমত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়, যি আমাৰ পেট ভাল কৰি ৰখাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেন্তে মধুৰিআম খাব। কেৱল কোষ্ঠকাঠিন্যই নহয়, ই হজম তথা পেটৰ বহু সমস্যাৰ পৰাও সকাহ দিয়ে।

দূৰ হয় পেলুৰ সমস্যা

পেলুৰ সমস্যা থাকিলেও আপুনি মধুৰিয়াম খাব পাৰে। বহুতো সৰু ল'ৰা-ছোৱালীয়ে পেলুৰ সমস্যাত ভোগে। এনে শিশুক মধুৰিআম খাবলৈ দিব লাগে।

মধুৰিআম খোৱাৰ সঠিক সময়

আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে, আমাৰ শৰীৰত মধুৰিআমৰ প্ৰভাৱ ঠাণ্ডা। দুপৰীয়াৰ আহাৰৰ এঘণ্টাৰ আগতে বা আহাৰ গ্ৰহণ কৰাৰ ২ ঘণ্টাৰ পিছত মধুৰিআম গ্ৰহণ কৰাটো লাভজনক। যদি আপুনি ক'লা নিমখৰ সৈতে ১-২ টা মধুৰিআম খায়, আপুনি অধিক লাভালাভ পাব।

আনহাতে, মধুৰিআম খোৱাৰ পিছত কমেও এঘণ্টালৈ পানী কেতিয়াও খাব নালাগে।মধুৰিয়ামৰ গুটি হজম হওঁতে সময় লাগে। সেয়েহে ইয়াক সন্ধিয়া আৰু ৰাতি নাখাব।

Also Read: আজিৰে পৰাই খোৱা আৰম্ভ কৰক এইকেইবিধ ফল

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin